নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন ষ্টেডিয়ামত চলি থকা পঞ্চম অসম প্ৰিমিয়াৰ আন্তঃক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ নগাঁৱৰ খেলত ষ্টাৰ স্প’ৰ্টিং ক্লাবে ফাইনেলত প্ৰৱেশ কৰিছে ৷ প্ৰতিযোগিতাখনিৰ আজি অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত ষ্টাৰ স্প’ৰ্টিং ক্লাবে শ্বাইন’ছ প্লেয়াৰ্ছক পাঁচ উইকেটত পৰাজিত কৰে । খেলখনত শ্বাইন’ছ প্লেয়াৰ্ছে টছত জিকি প্ৰথমে বেট ধৰি অধিনায়ক বিদেশব্ৰত দত্তৰ ৪৫ ৰাণৰ উল্লেখনীয় বৰঙণিৰে ৩১ অভাৰত সকলোকেইটা উইকেট হেৰুৱাই ৯২ ৰাণ সংগ্ৰহ কৰে । বলিঙত ষ্টাৰ স্প’ৰ্টিং ক্লাবৰহৈ জিয়াদ জামান আৰু ইয়াচিনুল হকে তিনিটাকৈ, ৱাচিমউল্লাহ খান, জেকি আলী আৰু দেৱজিৎ দাস নাইকে এটাকৈ উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত ষ্টাৰ স্প’ৰ্টিং ক্লাবে জেকি আলীৰ অপৰাজিত ৩০, অধিনায়ক দেৱজিৎ দাস নাইকৰ অপৰাজিত ১৮ আৰু ৱাচিমউল্লাহ খানৰ ১৪ৰাণৰ উল্লেখনীয় অৱদানৰে ১৩.৪ অভাৰত পাঁচটা উইকেটৰ বিনিময়তে ৯৪ ৰাণ সংগ্ৰহৰে বিজয় লক্ষ্য অতিক্ৰম কৰে । বলিঙত শ্বাইন’ছ প্লেয়াৰ্ছৰহৈ মোহিত বৰাই চাৰিটা আৰু অনুৰাগ দেৱনাথে এটা উইকেট পায় । যোৰহাটৰ দেৱৰ্ষি শৰ্মা আৰু শংকু ঘোষ আম্পায়াৰৰূপে থকা খেলখনৰ অন্তত ষ্টাৰ স্প’ৰ্টিং ক্লাবৰ ইয়াচিনুল হকক মেন অব দ্যা মেচৰূপে প্ৰাক্তন ক্ৰিকেটাৰ সুনীল দত্তই বঁটা প্ৰদান কৰে । সেই অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ যুটীয়া সম্পাদকদ্বয় অসীম কুমাৰ ভাৱাল, প্ৰমোদ কোঠাৰী, সহকাৰী সম্পাদক সমীৰ হাজৰিকা আৰু ক্ৰিকেট শাখাৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকা আদি উপস্থিত থাকে।