জয়ন্ত মুদৈ, বেবেজীয়াঃ সৰ্বভাৰতীয় পৰ্যায়ৰ সাহিত্য অনুষ্ঠান অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ দ্বিতীয় ত্রি-বাষিক অধিবেশনখনি দেওঁবাৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে নগাঁৱৰ লক্ষীনগৰস্থিত হোমিঅ’পেথিক মহাবিদ্যালয় প্ৰাংগনত সম্পন্ন হয়৷ সেই মৰ্মে, পতাকা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভনি কৰে জিলা শাখাৰ সভাপতি ড° দিলীপ শৰ্মাই। তাৰ পিছতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে বিশিষ্ট সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাই। কাৰ্যসূচী অনুসৰি গ্ৰন্থ উন্মোচনী সভাত লেখিকা ৰঞ্জনা বৰাৰ “দিহানাম” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি ধীৰেন শৰ্মাই। উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে পৰিষদৰ ৰাজ্যিক উপ সভাপতি দেৱেশ্বৰ কলিতা৷ তাৰ পিছতেই অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্রিদিপ লস্কৰৰ সঞ্চালনাত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। এই সন্মিলনত ইংৰাজী, হিন্দী, বাংলা, অসমীয়া, তিৱা, ডিমাছা, ৰাজস্থানী, নেপালী, আদিবাসীকে ধৰি বহুভাষাৰ প্ৰায় ডেৰকুৰি কবিয়ে অংশগ্ৰহণ কৰে। বিয়লি ড° দিলীপ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে ৰাজ্যিক উপ সভাপতি দেবেশ্বৰ কলিতাই। ৰাহুল দেৱ বৰদলৈয়ে আঁত ধৰা মুকলি সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকি ৰাজ্যিক সভাপতি ধীৰেন শৰ্মাই আমাৰ প্ৰাচীন সাহিত্যৰ মূল্যায়ন সঠিক ভাৱে কৰিলেহে আমাৰ ভাৰতীয় সাহিত্যৰ উৎকৰ্স সাধন কৰা হব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাবে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ লগতে নিদ্দিষ্ট বক্তাৰ ভাষণ ৰাখে মৰিগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বুধেন শইকীয়াই। এই সভাতে বহুভাষিক কবি সন্মিলনত অংশগ্ৰহণ কৰা কবিসকলক সন্মানপত্র প্ৰদান কৰা হয়৷