March 30, 2023, 8:09 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন

Reporter Name
  • Update Time : Monday, February 6, 2023
  • 11 Time View

নগাঁওঃ সমগ্ৰ শৈৱ ভক্তসকলক একগোট কৰি, সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উদ্দেশ আগত ৰাখি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী কহুঁৱাআটী সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগনত দেওবাৰে আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ অনুষ্ঠিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক চন্দ্ৰমোহন শৈৱই আঁত ধৰা উক্ত সমাৰোহত ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকে। সমাৰোহখনৰ আৰম্ভণিতে মাংগলিক কাৰ্য, বন্তি প্ৰজ্বলন, মংগলাচৰণ আৰু মহাদৈবিক সংগীত পৰিবেশনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুমিত্ৰ গোস্বামী, কাৰ্যকৰী সভাপতি অভিজিৎ বৰা, বিশ্ব সনাতনী সংঘৰ ৰাষ্ট্ৰীয় সভাপতি, শৈৱ মহাসংঘৰ উপ সভাপতি ডাঃ দীপক মজুমদাৰ, ওঁম মণ্ডলী সেৱা সংস্থাৰ আচাৰ্যা লক্ষ্মীপ্ৰভা দেৱী, ৰাধিকা শইকীয়া, ধৰ্মেশ্বৰ বৰদলৈকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে সনাতন পৰম্পৰাৰ শৈৱ মাৰ্গ, ভক্তি মাৰ্গ, আধ্যাত্মিকতা বিষয়ক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে ৷ সমাৰোহত জ্যোতিৰ্ময় চন্দন গিৰি, অনন্যা বিদ্যাভাৰতী, পৰম জ্যোতি বৰদলৈকে আদিকে ধৰি বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ, আইমাতৃ, যুৱক-যুৱতী সহ সহস্ৰাধিক লোক উপস্থিত থাকে ৷ এই সমাৰোহতে বৈষ্ণৱ চন্দ্ৰমোহন শৈৱৰ দ্বাৰা ৰচিত “উপদেশ মালা” শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰা হয় ৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে