জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫জনকৈ লোকৰ দেহত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ উপস্থিতি৷
বৃহস্পতিবাৰৰ দিনটোত কোৱিড-১৯ পজিটিভ পোৱা ব্যক্তিকেইগৰাকী হৈছে ইকবাল আলম ফানাৰ্জী, ছালেহ আহাম্মদ, নিলাভ নয়ন ডেকা, দিলদাৰ হুছেইন খান আৰু মৃন্ময় জ্যোতি নাথ। ইয়াৰে ইকবাল আলম ফানাৰ্জী প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ আৰু মুন্সিফ-১ তথা ছালেহ আহাম্মদ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ হিচাপে নগাঁৱৰ আদালতত কৰ্মৰত৷ আন তিনি গৰাকী মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে৷
নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ ৫জনকৈ বিষয়া-কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে একেটা চৌহদতে থকা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত সম্প্ৰতি ব্যাপক আতংকৰ সৃষ্টি হৈছে৷ একেটা চৌহদতে জিলাখনৰ দুয়োটাকৈ গুৰুত্বপূৰ্ণ কাৰ্যালয় থকাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰায়ে ইজন সিজনৰ সংস্পৰ্শলৈ আহে।
খ’ৰোনাত আক্ৰান্ত ৫ জন ব্যক্তিৰেই নাই কোনো ভ্ৰমণ বৃত্তান্ত। পিছে যোৱা ১৬ জুনত ক’ৰোনাত আক্ৰান্ত এগৰাকী নাবালিকাক হাজিৰ কৰিছিল জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আৰু সেই কিশোৰীগৰাকীৰ সংস্পৰ্শলৈ অহা ১২গৰাকী আৰক্ষীকো জিলা স্বাস্থ্য বিভাগে হোম কোৱাৰাণ্টেইন কৰিছিল। কিশোৰীৰ সাক্ষ্য গ্ৰহণৰ বাবেই অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ ছালেহ আহাম্মদসহ ৫জন কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে জিলা স্বাস্থ্য বিভাগৰ এক সূত্ৰই৷