নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ বোকাখাতৰ কমাৰগাঁৱত অহা ২৩-২৫ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক আন্তঃজিলা ছিনিয়ৰ খো খো প্ৰতিযোগিতা(পুৰুষ-মহিলা)ত অংশগ্ৰহণ কৰিবৰ বাবে শনিবাৰে ঘোষণা কৰা হয় নগাঁও জিলা দলটো ৷ দলটোৰ খেলুৱৈসকল হৈছে–ৰিচা বৰা, নিকিতা চৌধুৰী, ৰিমা দাস, বৰ্ষা বৰদলৈ, শিখাৰাণী মণ্ডল, জয়শ্ৰী মণ্ডল, বিজয়া মণ্ডল, পাকিজা আহমেদ, চানিফা হাচিন, চাদিয়া চুলতানা, নিশিতা বৰা, আয়ুশ্ৰী বৰা(মহিলা), নিতিন দাস, অৰুণ বৰা, প্লাৱন বৰা, প্ৰণৱ বে’, মাধুৰ্য বৰা, কিংশুক অক্ষয়, সৌৰভ বৰা, মাধৱ টেৰণ, প্ৰশান্ত বৰদলৈ, বিভাগ যাদৱ, লক্ষ্যজ্যোতি ইংতি আৰু যুগলজ্যোতি দেৱনাথ(পুৰুষ)। নগাঁও জিলা খো খো সন্থাৰ সভাপতি প্ৰভাত চন্দ্ৰ বৰা আৰু সম্পাদক সমীৰ হাজৰিকাই জনোৱা মতে, উল্লেখিত দলটোৰ সৈতে টিটু দত্ত আৰু প্ৰাণজিৎ বৰা প্ৰশিক্ষকৰূপে থকাৰ বিপৰীতে ৰিতা দাস আৰু বিতোপন শইকীয়া মেনেজাৰৰূপে আছে । এই দলটো গঠনৰ উদ্দেশ্যে যমুনামুখৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ব্যৱস্থাপনাত প্ৰধান আচাৰ্য ডম্বৰু শইকীয়াৰ পৰিচালনাত আয়োজিত এক অনুষ্ঠানত ক্ৰীড়া সংগঠক প্ৰভাত চন্দ্ৰ বৰা, সমীৰ হাজৰিকা, বিতোপন শইকীয়া, হিৰণ্য গোহাঁই আদি উপস্থিত থাকে। সেই অনুষ্ঠানতে বঙাইগাঁৱত সদ্যসমাপ্ত আন্তঃজিলা ছাৱ জুনিয়ৰ খো খো প্ৰতিযোগিতাত ভাগলোৱা নগাঁও জিলা দলৰ খেলুৱৈ, প্ৰশিক্ষক তথা মেনেজাৰকেইগৰাকীক মানপত্ৰ আৰু সম্বৰ্ধনা জনাই উৎসাহিত কৰা হয় ৷