বেবেজীয়াঃ নগাঁও জিলাৰ উপায়ুক্ত হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কবিথা পদ্মনাভনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা-কক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে বিদায়ী উপায়ুক্ত যাদৱ শইকীয়াক শৰাই, গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্তগৰাকীক সমূহ বিষয়া-কৰ্মচাৰীয়ে আদৰণি জনায়। সভাত নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে জিলাখন আগুৱাই নিয়াত সকলোৰে সহায়-সহযোগিতা কামনা কৰে আৰু বিদায়ী উপায়ুক্তগৰাকীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।