বেবেজীয়াঃ নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি নিবাসী সৰবৰহী ব্যক্তি, বিশিষ্ট সমাজসেৱী তথা কটহগুৰি আঞ্চলিক দ্বিনী তালিমী বৰ্ডৰ সভাপতি মৌলানা ক্বাৰী নুৰুল ইছলামৰ বুধবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱনাৱসান ঘটে৷ বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থাকি চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা ইছলামৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৪ বছৰ। বৃহত্তৰ টুকটুকী অঞ্চলৰ মছজিদ, মাদ্ৰাছা, খানক্বা, তাবলিগী জামাতকে আদি কৰি বিভিন্ন সামাজিক, শৈক্ষিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি নিজকে সমাজসেৱা নিয়োজিত কৰি ৰখা ইছলাম একেধাৰে কবি, শিশু সাহিত্যিক আৰু দ্বিনী তালিমী ব’ৰ্ডৰ প্ৰশিক্ষক আছিল। তেওঁ শিশুৰ উপযোগী বহু লিখনি আৰু কবিতা ৰচনা কৰাৰ উপৰি কেবাখনো কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল। তাৰ ভিতৰত বাংলা ভাষাত লিখা ‘ইছলাম জ্ঞান’ আছিল অন্যতম সৃৃষ্টি। তেওঁ জীৱনৰ ৪৫ বছৰ কাল মছজিদৰ ইমামতি কৰিও কটাইছিল। সৎ, অমায়িক আৰু বহু গুণধাৰী ইছলামৰ মৃত্যুত বৃহত্তৰ টুকটুকী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰাৰ বিপৰীতে নগাঁও জিলা দ্বিনী তালিমী ব’ৰ্ডৰ সভাপতি আতাবুৰ ৰহমান, জমিয়ত উলামায়ে হিন্দৰ কটহগুৰি টুকটুকী আঞ্চলিক সমিতি, টুকটুকী আঞ্চলিক আমছু, টুকটুকী প্ৰেছ ক্লাবকে প্ৰমুখ্য কৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে। তেওঁ মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু দুই কন্যাসহিতে অনেক আত্মীয়-স্বজন আৰু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷ ইফালে, সন্ধিয়া ৬-৪৫ বজাত দক্ষিণ কটহগুৰি জানপাৰ মছজিদ প্ৰাংগণত তেওঁৰ পুত্ৰ মৌলানা বাহাৰুল ইছলামৰ ইমামতিত সহস্ৰাধিক লোকৰ উপস্থিতত ইছলামৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়৷