ডিজিটেল ডেস্কঃ ডবকাৰ শালবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা । MN019077 এখন তেলৰ টেংকাৰ নিয়ন্ত্ৰন হেৰুৱাই ভাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নলাত ৷৷ গুৰত্বৰ বাবে আহত চালক ললিত সিং। মনিপুৰৰ পৰা ডবকা অভিমুখী আহি থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । আহত চালক জনক ডবকা ৩০ খন বিচনাযুক্ত হস্পিতালত ভৰ্তি কৰোৱা হৈছে। চালক জনৰ ঘৰ মনিপুৰত বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।