বেবেজীয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ বানত ককবকাই জীয়াতু ভুগিবলগীয়া হৈছে বন্যাৰ্তই৷ প্ৰলয়ংকৰী বানে ঘৰ-বাৰী বোৱাই পেলোৱাত বানাক্ৰান্ত লোকসকলৰ দুখ কুলাই পাচিৰে নধৰা হৈছে ৷ এনে পৰিস্থিতিত বানপীড়িত লোকসকলৰ দুখৰ সমভাগি হৈছে মানৱদৰদী ব্যক্তি তথা বিভিন্ন দল-সংগঠন ৷ যি যেনেকৈ পাৰে সাধ্যানুসাৰে আগবঢ়াইছে বান সাহাৰ্য্য ৷ নগাঁৱৰ পশ্চিম প্ৰান্তৰ বান কৱলিত অঞ্চলটো নগাঁও মহকুমাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ ব’ৰ্ডৰ ফালৰ পৰা বিশুদ্ধ খোৱাপানীৰ ফিল্টাৰ বিতৰণ কৰা হয় ৷ জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কপাহেৰা, বামুনবড়ি, ভকতগাঁও আদি অঞ্চলত থকা আশ্ৰয় শিবিৰবোৰত গৈ পানী ফিল্টাৰ বিতৰণ কৰা হয় ৷
নগাঁও মহকুমা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ হৈ অধ্যক্ষ মনোৰঞ্জন নাথ আৰু লোকেন্দ্ৰ নাথৰ লগতে দলংঘাট মণ্ডল বিজেপিৰ কাৰ্যকৰ্তা সকলে উক্ত অঞ্চলত উপস্থিতি হৈ বন্যাৰ্ত লোকসকলৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে শতাধিক উন্নত মানৰ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰে । বানৰ এনে এক জটিল ক্ষণত বানাক্ৰান্ত ৰাইজৰ সুবিধাৰ্থে নগাঁও মহকুমা অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ণ ব’ৰ্ডে লোৱা এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে ৷