অশ্বিনী কুমাৰ দুৱৰা, ধেমাজি, ৩০ জুলাইঃ ধেমাজি জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত শনিবাৰে পুৱা ১১ বজাত ধেমাজি তুলশীবাৰীত ব্ৰাউন ছুগাৰ ১০০ গ্ৰাম, হেৰ’ইন ১৩২ গ্ৰাম, গাঞ্জা ৭৮.৮৮ কেজি আৰু কাণি ১.১৮ কেজি সহ মুঠ ১২ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ নিষ্কাশন কৰে৷ নিষ্কাশনৰ সময়ত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক ধেমাজি জিলাৰ গৌৰৱ আগৰৱালা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাকে ধৰি আৰক্ষী প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷