ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি নগৰৰ ধেমাজি পাব্লিক স্কুলৰ প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে শুকুৰবাৰৰ পৰা দহ দিনীয়াকৈ ভাওনাৰ কৰ্মশালা আৰম্ভ হৈছে ৷ এই উপলক্ষে শুকুৰবাৰে বিয়লি পদ্মনাভ নাট্যগোষ্ঠীৰ কৰ্মকৰ্তাসকলে আনুষ্ঠানিকভাৱে আয়োজন কৰা অনুষ্ঠানৰ শুভাৰম্ভণী কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ বনজিৎ ভট্টই ৷ শুভাৰম্ভণী অনুষ্ঠানত জ্যোতিনগৰ মহিলা দ্বাৰা দিহানাম আৰু সত্ৰীয়া নৃত্য পিছতেই ডিব্ৰুগড় জিলাৰ বাবুল বৰা, শিৱসাগৰ জিলাৰ ৰন্দিপ গগৈ আৰু ডিম্পুলজ্যোতি বৰাৰ সৈতে প্ৰশিক্ষকৰ দলটিয়ে শিশুসকলক ভাওনাৰ প্ৰশিক্ষণ দিয়ে ৷