ধেমাজিঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ সম্পাদক সহ ১৫ গৰাকী বিষয়ববীয়াক ধেমাজিত কালি উষ্ম আদৰণি তথা বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে যোৱা ৫ ৰ পৰা ৮ জানুৱাৰীলৈকে শদিয়াত অনুষ্ঠিত হোৱা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনত ২০২৩- ২৫ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয় ৷ অধিৱেশনত নতুন সমিতিখনৰ সভাপতি পলাশ চাংমাই আৰু মুখ্য উপদেষ্টা ৰাণাপ্ৰতাপ বৰুৱাৰ বিপৰীতে ধেমাজিৰ ৰাতুল বৰগোহাঁই সাধাৰণ সম্পাদক, দেৱজিৎ দাস উপ-সভাপতি আৰু নীল গগৈ কাৰ্যনিৰ্বাহ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ নৱগঠিত সমিতিখনত ধেমাজিৰ তিনিজনকৈ যুৱনেতাই স্থান লাভ কৰাত স্বাভাৱিকতেই ধেমাজিত আনন্দৰ উৎসাহ পৰিৱেশৰ সৃষ্টি হৈছে ৷ এই উপলক্ষে বুধবাৰে জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু সদৰ আঞ্চলিক সমিতিয়ে শুভাকাংক্ষী-ৰাইজৰ সহযোগত বুধবাৰে বিয়লি উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় ৷ ধেমাজি পৰিবহণ নিগমৰ বাছ আস্থানত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, শোণিতপুৰ, বিশ্বনাথ জিলা সমিতিৰ লগতে বিভিন্ন আঞ্চলিক সমিতিয়েও ফুলাম গামোচা, ফুলাম জাপি, সম্বৰ্ধনা পত্ৰ, সঁফুৰা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকি নৱনিবাচিত বিষয়ববীয়াসকলক উষ্ম আদৰণি তথা সম্বধৰ্না জনায় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈ, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা, ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী নিপ কোঁৱৰ, ধেমাজি বিশিষ্ট শিল্পী তথা অধ্যাপক ড° শংকৰ পাটোৱাৰী, ধেমাজি ব্যৱসায় সন্থাৰ সভাপতি তথা সমাজকৰ্মী ঘনকৃষ্ণ বৰগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোঁৱৰ, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বনী কুমাৰ দুৱৰা, ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ দেৱজানী দত্ত, ধেমাজি জিলা মইনা পাৰিজাতৰ সম্পাদক নৱজ্যোতি দত্ত, ধেমাজি শাখা সাহিত্য সভাৰ সম্পাদক দিপেন ভিতৰুৱাল কোঁৱৰ, ধেমাজি জিলা সাহিত্য সভাৰহৈ ভবিষ্য দিহিঙীয়া, ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক পংকজ বৰগোহাঁই, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি পৰিক্ষীত সোনোৱাল, ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক প্ৰদীপ ৰঞ্জন দত্ত, কলেজ শিক্ষক সংস্থা, ধেমাজি জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক দিব্য, ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা মহিলা নেত্ৰী বিমলা গগৈ গোঁহাই, অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক জ্যোতিষ কোঁচ, ধেমাজি জিলা কোঁচ ৰাজবংশী যুৱ সন্মিলনীৰ সম্পাদক দিগন্ত তালুকদাৰ, ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভবেন হালৈ, বিহু কৃষ্টি পৰিষদৰ ধেমাজি জিলা সমিতিৰ জ্যোতি দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সম্পাদক হিতেশ বাইলুঙকে মুখ্য কৰি একাধিক সংগঠন আৰু শুভাকাংক্ষী ব্যক্তিয়ে সম্বৰ্ধনা জনাই তেওঁলোকৰ সংগ্ৰামী যাত্ৰা সফল হোৱাৰ কামনা কৰে ৷ অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা সমিতিৰ উপদেষ্টা বিষ্ণু শৰ্মা আৰু ৰজনী সন্দিকৈয়ে ৷ অনুষ্ঠানটোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত উপদেষ্টা ৰণজিৎ চাংমাই, উপ-সভাপতি ক্ৰমে দেৱজিৎ দাস আৰু কণ গগৈ, সহকাৰী সাধাৰণ সম্পাদক ক্ৰমে চাবিৰ আহমেদ, যুটীয়া সম্পাদক কমলজিত দত্ত আৰু গিৰিন চেতিয়া, ক্ৰীড়া সম্পাদক দিগন্ত গগৈ, বিত্তীয় সম্পাদক প্ৰিয়ব্ৰত গোহাঁই, সাংগঠনিক সম্পাদক ক্ৰমে প্ৰদীপ শৰ্মা আৰু কুশল চেতিয়া, প্ৰচাৰ সম্পাদক বিশ্বজিত কলিতা আৰু কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে নিল গগৈ, ৰাজীৱ গগৈ আৰু ভুপেন শইকীয়া সহ ১৫ গৰাকী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে আৰু আটাইকেগৰাকী বিষয়ববীয়াক বুধবাৰে ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত নৱনিবাচিত সাধৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে সৰ্ম্বধনা গ্ৰহন কৰি যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী পূৰ্ণস্বায়ত্ত শাসন দ্বি-নাগৰিকত্ব আৰু আন্তজাৰ্তিক পাৰপত্ৰ ব্যৱস্থা এই তিনি বিষয় অসমৰ প্ৰতিঘৰ মানুহ আৰু প্ৰত্যেকজনক ব্যক্তিৰ কাষলৈ লৈ যোৱাৰ চেষ্টা কৰাৰ দৃঢ়তা প্ৰকাশ কৰি শদিয়াৰবাসীৰ পৰা অফুৰন্ত প্ৰেৰণা, সাহস-উদ্যম লৈ সাংগঠনিক কাম-কাজ আৰম্ভ কৰিব বুলিও উল্লেখ কৰে ৷ বক্তব্যৰ জৰিয়তে নৱনিবাচিত সাধাৰণ সম্পাদকগৰাকীয়ে পৰিষদৰ জৰিয়তে আগন্তুক দিনত অসমবাসীৰ জ্বলন্ত সমস্যাৱলীৰ সমাধানৰ পক্ষে সদায় মাত মাতি যাব বুলিও প্ৰকাশ কৰি অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে সেৱা জনাই ধন্যবাদ জ্ঞাপন কৰে৷