ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা-বৰষুণত বিদ্যুৎ বিভাগৰ ব্যাপক ক্ষতি হৈছে৷ ক্ষতিগ্ৰস্ত স্থানবোৰ পৰিদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে এপিডিচিএল বিষয়াৰ দলে৷ এই কথা এটা টুইট কৰি অসম ৰাজ্যিক বিদ্যুৎ বিভাগে জানিবলৈ দিছে৷ বৰষুণ আৰু বজ্ৰপাতৰ ফলত হোৱা ক্ষতিৰ পৰা গ্ৰাহকসকলক সকাহ দিবলৈ এপিডিচিএল বিষয়াসকলে ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন কৰিছে৷ বিভিন্ন স্থানত খুঁটা ভাঙি পৰা আৰু হেলনীয়া হৈ থকা ক্ষতিগ্ৰস্ত বৈদ্যুতিক সা-সঁজুলি পুনৰ মেৰামতি কৰা থকা বুলি জনাইছে বিভাগে৷ আনহাতে, বিদ্যুৎ সংযোগ ব্যাহত হৈ থকা এলেকাসমূহত শীঘ্ৰে বিদ্যুৎ সংযোগ বাহাল কৰা হ’ব৷