বিলাসীপাৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বাঘমাৰীত বহাগ বিহু পালন কৰা হয়৷ ৰঙালী আঞ্চলিক বিহু উদযাপন সমিতিৰ উদ্যোগত বাঘমাৰীত বহাগ বিহু পালন কৰা হয়৷ উদযাপন সমিতিৰ সভাপতি ফাৰুক আহমেদ, সম্পাদক আফজাল হুছেইনৰ নেতৃত্বত বাঘমাৰী এম.ই মাদ্ৰাছা খেল পথাৰত পুৱা স্থানীয় হুঁচৰি দলৰ জেং বিহু নৃত্যৰ মাজেদি ১০ বজাত ৰঙালী বিহু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰা হয়৷ উত্তোলন কাৰ্যসূচীত উপস্থিত থাকে বিজেপি দলৰ ৰাণীগঞ্জৰ মণ্ডলৰ সভাপতি কৃষ্ণ নাথ, বাঘমাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা ছাবিনা ইয়াছমিন, প্ৰাক্তন জিলা পৰিষদৰ সদস্য অমৰেন্দ্ৰ নাথ, ৰাণীগঞ্জৰ আৰক্ষী বিষয়া নিৰেন নাথ উপস্থিত থাকে৷