বঙাইগাঁওঃ বঙাইগাঁও আৰক্ষীয়ে চট্টীছগড়ত অভিযান চলাই ট্ৰাকচালক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ সক্ষম হৈছে৷ হিমাচল প্ৰদেশৰ উনা জিলাৰ বাসিন্দা দেবেন্দ্ৰ কুমাৰ (৫১) নামৰ ট্ৰাকচালকক হত্যা কৰি অসম এৰি ছট্টিছগড়লৈ পলায়ন কৰিছিল মণপ্ৰিত সিং (২৯) আৰু হৰবিন্দ সিং (৫০) নামৰ দুগৰাকী আন ট্ৰাকচালক৷ পিছত নাটকীয় ভাৱে মণপ্ৰিত সিং আৰু হৰবিন্দ সিঙৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হোৱাত বঙাইগাঁও জিলা আৰক্ষীৰ এটা দলে ছট্টিছগড় আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰি বঙাইগাঁৱলৈ লৈ আহে মণপ্ৰিত সিং আৰু হৰবিন্দ সিঙক৷ মঙলবাৰে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক পি কে কাকতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি জনোৱা মতে যোৱা ৮ জুলাইত বঙাইগাঁৱত এগৰাকী ট্ৰাকচালকক হত্যা কৰি পলায়ন কৰিছিল পঞ্জাৱৰ মণপ্ৰিত সিং আৰু হৰবিন্দ সিং৷
উল্লেখ্য যে, হিমাচল প্ৰদেশৰ উনা জিলাৰ বাসিন্দা দেবেন্দ্ৰ কুমাৰ (৫১) নামৰ ট্ৰাকচালক জনে মালবাহী ট্ৰাকসহ অসমত প্ৰৱেশ কৰিছিল লক-ডাউনৰ সময়ত৷ লক-ডাউন চলি থকাৰ ফলত দীৰ্ঘদিন অসমৰ পৰা ওলাই যাব পৰা নাছিল ট্ৰাকচালক দেবেন্দ্ৰ কুমাৰ৷ উক্ত সময়তে দেবেন্দ্ৰ কুমাৰ অসমতে ট্ৰাক চলাবলৈ আৰম্ভ কৰে৷ কিন্তু ট্ৰাকচালক দেবেন্দ্ৰ কুমাৰৰ মোবাইলৰ অফ হৈ পৰে ৮ জুলাইৰ পৰা৷ পৰিয়ালৰ সৈতে যোগাযোগ বন্ধ হৈ পৰাত চিন্তাত পৰে পৰিয়াল৷ এনে অৱস্থাত হিমাচল প্ৰদেশৰ পৰা দেবেন্দ্ৰ কুমাৰৰ পৰিয়ালৰ লোকে যোগাযোগ কৰে বঙাইগাঁও আৰক্ষীৰ সৈতে৷ পিছত বঙাইগাঁও আৰক্ষীয়ে তদন্ত কৰি দেবেন্দ্ৰ কুমাৰক হত্যা কৰাৰ সন্দেহ কৰে৷
লক-ডাউনৰ সময়ছোৱাত দেবেন্দ্ৰ কুমাৰ অসমত গাড়ী চলাই থকা অৱস্থাত মণপ্ৰিত সিং আৰু হৰবিন্দৰ সিঙৰ সৈতে চিনাকী হৈ সম্পৰ্ক গঢ়িছিল৷ কিন্তু যোৱা ৮ জুলাইত দেবেন্দ্ৰ কুমাৰৰ সৈতে মণপ্ৰিত আৰু হৰবিন্দৰৰ সাধাৰণ কথাক লৈ বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষী অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত কাজিয়াৰ সূত্ৰপাত হয়৷ কাজিয়াৰ সূত্ৰপাতৰ পিছতে মণপ্ৰিত আৰু হৰবিন্দৰে ডিঙি চেপি দেবেন্দ্ৰ কুমাৰক হত্যা কৰে আৰু মৃতদেহ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত পেলাই দিয়ে৷
পিছত দেবেন্দ্ৰ কুমাৰৰ এইচ.পি-৭২বি-৪৪০২ ট্ৰাকখন মণপ্ৰিত আৰু হৰবিন্দই অসমৰ পৰা লৈ যায় আৰু ছট্টিছগড়ৰ ৰায়পুৰত বিক্ৰী কৰে৷ এই হত্যাকাণ্ডৰ তদন্তৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জৰিত অভিযুক্ত হত্যাকাৰীক ছট্টিছগড় ৰাজ্যৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতি লাহনৰ নেতৃত্বত যোৱা এটা দলে দুই হত্যাকাৰী মণপ্ৰিত সিং আৰু হৰবিন্দ সিঙক ছট্টিছগড়ৰ পৰা গ্ৰেপ্তাৰ কৰি বঙাইগাঁৱলৈ লৈ আহে৷ দুই অভিযুক্তৰ ঘৰ হৈছে পঞ্জাৱত৷ বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত বঙাইগাঁও সদৰ থানাত ৪৪৮/২০ নম্বৰৰ গোচৰ ৰুজু কৰে৷ দুই আচামীক আদালতে বঙাইগাঁও আৰক্ষীক ৫ দিনৰ জিম্মাত দিয়ে৷