ধুনীয়া দেখিবলৈ কৰা চাৰ্জাৰীয়ে কাল হ’ল এগৰাকী অভিনেত্ৰীৰ৷ নিজকে অধিক ধুনীয়া কৰিবলৈ গৈ মৃত্যুক আকোৱালি ল’লে অভিনেত্ৰীগৰাকীয়ে। ওজন কমাবলৈ প্লাষ্টিক চাৰ্জাৰী কৰি মৃত্যুক আকোৱালি ল’লে কানাড়া টিভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী চেথানা ৰাজ।
অভিনেত্ৰীগৰাকীয়ে সোমবাৰে দৈহিক সৌন্দৰ্য বৃদ্ধিৰ বাবে চৰ্বি নাশ কৰিবলৈ প্লাষ্টিক চাৰ্জাৰীৰ বাবে বাংগালুৰুৰ চেট্টী প্ৰসাধন কেন্দ্ৰলৈ আহে। পৰিয়ালৰ কোনো লোকক অৱগত নকৰাকৈ ২১ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে চেট্টী প্ৰসাধন কেন্দ্ৰত প্লাষ্টিক চাৰ্জাৰী কৰাই।
চাৰ্জাৰী কৰাৰ পিছতে টিভি অভিনেত্ৰী চেথানা ৰাজে পাৰ্শ্বক্ৰিয়া হৈ অসুস্থ হৈ পৰে৷ তাৰ পিছতে বাংগালুৰুৰ কাদে হস্পিতালত মৃত্যু হয়৷ কাদে হস্পিতালত ১৬ মে’ত ভৰ্তি কৰাৰ পিছত লাইপোচাক্সন অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল। পৰিয়ালে অভিযোগ কৰি কয় যে চিকিৎসালয়ৰ অৱহেলাৰ বাবে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে চিকিৎসালয়খনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
প্ৰকাশিত খবৰ মতে, দৰৱৰ পাৰ্শ্বক্ৰিয়াৰ ফলত অভিনেত্ৰী চেথানা ৰাজৰ হাওঁফাওঁত তৰল পদাৰ্থ জমা হৈ সংজ্ঞাহীন হয়। অভিনেত্ৰীগৰাকীৰ অৱস্থাৰ ক্ৰমাৎ অধিক অৱনতি ঘটাত প্লাষ্টিক চাৰ্জাৰী কৰা চিকিৎসকেই কাদে হস্পিতালত ভৰ্তি কৰায়। চিকিৎসালত প্লাষ্টিক চাৰ্জাৰী কৰা চিকিৎসকে চেথানা হৃদৰোগত আক্ৰান্ত হোৱা বুলি মিছা কোৱাত অভিনেত্ৰীগৰাকীক আইচিইউত ৰাখে যদিও মৃত্যুক আকোৱিল লয়৷