March 30, 2023, 4:31 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ধিং মহাবিদ্যালয়ৰ নৱ নিযুক্ত অধ্যক্ষ ৰূপে কাৰ্যভাৰ গ্ৰহণ প্ৰাক্তন সাংবাদিক, গৱেষক ড০ বিমান হাজৰিকাৰ

Reporter Name
  • Update Time : Wednesday, August 26, 2020
  • 107 Time View

বেবেজীয়াঃ নগাঁও জিলাৰ উত্তৰ পূৱ প্ৰান্তৰ উচ্চ শিক্ষাক্ষেত্ৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড০ বিমান হাজৰিকাই বুধবাৰে মহাবিদ্যালয়খনৰ নৱ নিযুক্ত অধ্যক্ষৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষ সুজিত কুমাৰ শৰ্মাৰ পৰা আনুষ্ঠানিকভাৱে মহাবিদ্যালয় খনৰ কাৰ্যভাৰ গ্ৰহণ কৰে।

উল্লেখ্য যে ড০ হাজৰিকাই ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী তথা সহযোগী অধ্যাপক হিচাপে থকা কালত ২৫ খনকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুসংখ্যক বিদ্যায়তনিক চেমিনাৰত গৱেষণা পত্ৰ পাঠেৰে শৈক্ষিক আৰু বৌদ্ধিক মহলত বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, ‘অসমৰ নৰোৱা সত্ৰ সমূহৰ ইতিহাস আৰু নৱ বৈষ্ণব আন্দোলনলৈ ইয়াৰ অৱদান’ শীৰ্ষক গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৩ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷

লগতে ইউ জি চিৰ গুৰু গৱেষণা সম্ভাৰ ‘A study on manuscript and wood carvings of Neo-Vaisnavite satrras of Assam (2018)’ ওপৰত ইতিপূৰ্বে ৫ খনকৈ গৱেষণামূলক গ্ৰন্থৰ প্ৰণয়নৰ উপৰিও কেইবাখনো সাহিত্যধৰ্মী গ্ৰন্থৰ সম্পাদনা কৰে ড০ হাজৰিকাই। ২০২০ বৰ্ষত বাংগালুৰুস্থ সৰ্বভাৰতীয় সংস্থা (InSc)ৰ দ্বাৰা Academic Excllence Award বটাঁৰে সন্মানিত হয়। ভাৰতীয় ইতিহাস সংকলন সমিতি, উঃ পূঃ ভাৰত ইতিহাস সংস্থা, ভাৰতীয় কলা ইতিহাস সংস্থা, অসম সাহিত্য সভা, কামৰূপ অনুসন্ধান সমিতি, ধিং তথা বটদ্ৰৱা অঞ্চলৰ বিভিন্ন সামাজিক, (বিশেষকৈ দূৰ্দশাগ্ৰস্ত সত্ৰসমূহৰ সৈতে সম্পৰ্কিত) সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বিগত তিনিটা দশক কাল ধৰি ওতঃপ্ৰোত ভাৱে জড়িত।

ধিং প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক, আসাম ট্ৰিবিউন, আজিৰ বাতৰি, নৰ্থ ইষ্ট টাইমছ কাকতৰ স্থানীয় প্ৰতিনিধি, বহু কাকত আলোচনীৰ নিৱন্ধকাৰ হিচাপে বিমান হাজৰিকাই কাৰ্যভাৰ পালন কৰিছিল। ধিং মহাবিদ্যালয়ত ১৯৯৬ চনত বুৰঞ্জী বিভাগৰ অধ্যাপক নিযুক্তি পোৱাৰ পূৰ্বে  বৰদোৱা মহাবিদ্যালয়ৰো বুৰঞ্জী বিভাগৰ প্ৰতিষ্ঠাপক প্ৰবক্তা ৰূপে কিছুদিন কাম কৰিছিল ড০ হাজৰিকাই। ড০ বিমান হাজৰিকাই ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে নিযুক্তি লাভ কৰাত বটদ্ৰৱা আৰু ধিং অঞ্চলৰ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে