দ্বীপজ্যোতি ৰায়, অভয়াপুৰীঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা৷ টকা ধাৰলৈ নি উভতাই নিদিয়াৰ লগতে টকা বিচাৰি যোৱা এগৰাকী ৪০ বছৰীয়া মহিলাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে বঙাইগাঁও জিলাত৷ নামনি অসমৰ বঙাইগাঁও জিলাত এগৰাকী মহিলাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে মহিলাই৷
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ দলনী বিল গাঁৱৰ ইছমাইল হুছেইন নামৰ উদণ্ড লোকজনে ৪০ৰ উৰ্ধৰ মহিলা এগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ইছমাইল হুছেইন নামৰ ব্যক্তিগৰাকীক মহিলাগৰাকীয়ে ধাৰত দিয়া ৪০ হাজাৰ টকাৰ বিচৰাৰ ফলত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে যুৱকজনে মহিলাগৰাকীৰ পৰা ধাৰত নিছিল ৪০ হাজাৰ টকা৷ টকাখিনি বিচৰিলে উভতাই দিম-নিদিম স্পষ্টকৈ নকয় ইছমাইল হুছেইনে৷ তাৰ পিছতে আজি টকা বিচাৰি যোৱাত টকা দিয়াৰ বিপৰীতে শাৰীৰিক নিৰ্যাতন চলাই মহিলাক৷ অশ্লীল গালি-গালাজৰ উপৰিও শাৰীৰিক নিৰ্যাতন চলাই বুলি অভিযোগ কৰে মহিলাগৰাকীয়ে৷ পিছত প্ৰাণৰ ভয়ত মহিলাগৰাকীয়ে দৌৰি পলায়ন কৰি যোগীঘোপা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷