প্ৰায় তিনিমাহ পূৰ্বে প্ৰবল ধমুহা-শিলাবৃষ্টিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ-শ পৰিয়াল গৃহহাৰা হৈ পৰিছিল৷ শ-শ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি ব্যাপক ক্ষতিগ্ৰস্ত হৈছিল৷ সমানে ক্ষতিগ্ৰস্ত হৈছিল উজনি অসমৰ সমীন্তৱৰ্তী সমষ্টি সৰুপথাৰৰ কেইবা শ পৰিয়ালৰ ঘৰ-দুৱাৰ৷ নিশাৰ ভিতৰতে শ-শ পৰিয়ালে গৃহহাৰা হৈ পৰিছিল৷ সেই সময়ত বহু পৰিয়ালক খাদ্য-সামগ্ৰী, ত্ৰিপালৰ ব্যৱস্থা কৰি দিছিল স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে৷ তাৰ লগে লগে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এককালীন সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল বিধায়ক বিশ্বজিৎ ফুকনে৷ সেই প্ৰতিশ্ৰুতি আজি পূৰণ কৰিলে বিধায়ক ফুকনে৷ ৫ ফেব্ৰুৱাৰীত ধুমুহা-শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত ৪,২৭০টা পৰিয়ালক আজি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পুঁজিৰে ক্ষতিপূৰণ প্ৰদান কৰে বিধায়গৰাকীয়ে। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত মৰঙী উন্নয়ন খণ্ডৰ সভাগৃহত ক্ষতিপূৰণ প্ৰদান কৰা হয়৷ পৰিয়ালসমূহে সোঁ-শৰীৰে উপস্থিত থাকি বিধায়কৰ হাতৰ পৰা চেকসমূহ গ্ৰহণ কৰে৷ অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, মৰঙিৰ খণ্ড উন্নয়ন বিষয়া নিপজ্যোতি পাটিৰি, মৰঙি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চাহনাৱাজ ইকবাল উপস্থিত থাকে।