ৰৌতাঃ ক’ৰোনা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ বাবে নিৰ্বাচন স্থগিত যদিও যিকোনো মুহূৰ্তত নিৰ্বাচনী আয়োগে ঘোষণা কৰিব পাৰে নিৰ্বাচনৰ দিন। সমানে বিটিচিৰ পৰিষদৰ আন আন দলসমূহৰ দৰেই কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে বিটিআৰ দখল কৰিবলৈ তৎপৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷
তাৰ মাজতে ওদালগুৰি জিলাৰ ৩৭নং ধনশ্ৰী পৰিষদীয় সমষ্টিত দেওবাৰে এখন বিশেষ সভা অনুষ্ঠিত কৰে গণ সুৰক্ষা পাৰ্টীয়ে। ৩৭নং ধনশ্ৰী সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰার্থী ডিম্বেশ্বৰ ৰাভাই অনুষ্ঠিত কাৰ সভাত কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়া উপস্থিত থাকি সাংসদগৰাকীয়ে চৰকাৰে বিটিচিত থকা বিভিন্ন জাতীয় সংগঠনৰ লগত আলোচনা নকৰাকৈ বিটিআৰ চুক্তি ৰূপায়ণ কৰাটো দুৰ্ভাগ্যজনক তথা বিটিচিবাসীৰ বাবে কলা দিন।
বিটিএডি আৰ্মীৰ কামাণ্ডেণ্ট ধনঞ্জয় শৰণীয়াই বিস্ফোৰণ ঘটাই হীৰা শৰণীয়াৰ দলক সমৰ্থন নকৰা লোকৰ ঘৰত অস্ত্ৰ থৈ জালত পেলােৱা বুলি অভিযোগ উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি সাংসদগৰাকীয়ে অভিযোগ নস্যাৎ কৰে। সভাত বিপিএফ, এআইইউডিএফ, কংগ্ৰেছ আদি দলৰ পৰা ২০ নেতাই কৰ্মী গণ সুৰক্ষা পাৰ্টীত যোগদান কৰে।