সৰুপথাৰঃ বিগত কেইবাটাও দিনত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ কেইবাখনো গাঁৱত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছে৷ কেইবাজনো লোকৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাত প্ৰশাসন সষ্টম হৈ পৰিছে৷ প্ৰশাসনে ভাইৰাছৰ প্ৰকোপ ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা কৰি নিৰ্দেশ জাৰি কৰিছে৷
এই ভাইৰাছৰ সংক্ৰমণ যাতে দ্ৰুত গতিত নাবাঢ়ে তাৰ বাবে ধনশিৰি মহকুমাত কেইবাখনো গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ ধনশিৰি মহকুমা প্ৰশাসনে ১নং গন্ধকৰৈ, ২নং যোৰদলং, চকলী আৰু টেঙানি আলিচিগা গাঁৱক নিয়ন্ত্ৰিত এলেকা ঘোষণা কৰে।
বিগত ২২ জুনত মহকুমাধিপতি দিবাকৰ নাথে জাৰি কৰা নিৰ্দেশ অনুসৰি গাঁও কেইখনত সকলো লোকৰ প্ৰৱেশ আৰু জৰুৰীকালীন কামৰ বাহিৰে গাঁৱৰ লোকৰ প্ৰস্থান নিষেধ ঘোষণা কৰা হৈছে৷