জিতুৰঞ্জন গোঁহাই, বৰপথাৰঃ বোকা-পানীৰে ভৰি থকা পথেৰে আহ-যাহ কৰিবলগীয়া হোৱাত যামৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰবাসীয়ে৷
ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰ-উৰিয়ামঘাট পথ বছৰৰ পিছত বছৰ ধৰি মেৰামতি নকৰাত কদৰ্যময় হৈ পৰিছে৷ পথটোৰ পূৰ্বৰ পকীবোৰ এৰি গৈ গাতৰে ভৰি পৰাত পৰষুণৰ পানী জমা হৈ বোকাৰ সৃষ্টি হয়৷ আনহাতে গাতসমূহত পানী জমা হৈ থকাত গাড়ী চলোৱাটো দূৰৰ কথা খোজকাঢ়িবৰ বাবে পৰিবেশ নোহোৱা হৈছে পথটোত৷ এই পথটোৰে নিতৌ চাকৰিয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আহ-যাহ কৰে যদিও চৰকাৰ তথা স্থানীয় বিধায়িকাই পথটো নিৰ্মাণত কেতিয়াও গুৰুত্ব প্ৰদান নকৰিলে৷ ৰোগীয়া লোকে এই পথটোৰে আহ-যাহ কৰিলে অধিক অসুস্থ হৈ পৰে৷ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথটো এতিয়া যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷
কেঁচা মাটিৰ পথতকৈও অৱস্থা বেয়া হৈ পৰিছে পথটোৰ৷ মৰণফাণ্ড স্বৰূপ হৈ পৰা পথটো মহকুমাটোৰ বৰপথাৰ, সৰুপথাৰ তথা উৰিয়ামঘাটবাসীৰ যাতায়াতৰ একমাত্ৰ সম্বল৷
দিনটোৰ ২৪ ঘণ্টাই ব্যস্ত পথটোত শিল কঢ়িওৱা ডাম্পাৰ চলে। অত্যাধিক বোজাই কঢ়িওৱা ডাম্পাৰে চলাৰ ফলত গাতৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন হৈ অহাৰ পিছতো স্থানীয় প্ৰশাসনে চকুমুদা কুলিৰ ভাও ধৰি আহিছে৷ তাৎপৰ্যপূৰ্ণ ভাবে স্থানীয় অকৰ্মণ্য বিধায়িকা, প্রশাসন, বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷