বোকাজানঃ ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে বোকাজান পৌৰসভাৰ কৰ্মচাৰীয়েও আজিৰে পৰা দহদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আৰম্ভ কৰিছে। সুদীৰ্ঘ ২৭ মাহ পৰ্যন্ত প্ৰাপ্য দৰমহা তথা অন্যান্য সা-সুবিধাৰ পৰা বঞ্চিত বোকাজান পৌৰসভাৰ লগতে কাৰ্বি আংলঙৰ মুঠ ৯খনকৈ পৌৰ নিকায়ৰ কৰ্মচাৰীয়ে আজিৰে পৰা অহা সাত অক্টোবৰ পৰ্যন্ত দহদিনীয়া অৱস্থান ধৰ্মঘটত অৱস্থান গ্ৰহণ কৰিছে।
উল্লেখ্য যে নগৰ এলেকাসমূহৰ উন্নয়ন তথা পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত দিনে নিশাই শ্ৰম কৰি অহাৰ পিছতো মাহৰ পিছত মাহ ধৰি প্ৰাপ্য দৰমহাকে ধৰি অন্য সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে প্ৰদৰ্শন কৰি অহা উদাসীনতাৰ প্ৰতিবাদত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানক্ৰমে পাহাৰীয়া জিলাখনতো পৌৰ কৰ্মীসকলে আজিৰে পৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
মূলতঃ পৌৰ কৰ্মীসকলৰ চাকৰি চৰকাৰীকৰণৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰা, ২৭ মাহ পৰ্যন্ত অনাদায় দৰমহা প্ৰদানৰ লগতে মাহিলী দৰমহা আদায় নিশ্চিত কৰা, পৌৰসভাৰ সুনিৰ্দিষ্ট কৰ্মচাৰী গাঁঠনিৰ চৰকাৰী অধিসূচনা জাৰি কৰা, ৰাজ্য চৰকাৰৰ নিষেধাজ্ঞা সত্বেও বিভিন্ন পৌৰসভাই নীতি বহিৰ্ভূতভাৱে দিয়া নিযুক্তি বাতিল কৰা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পৌৰ কৰ্মচাৰীক ৰাজ্যিক বিত্তীয় আয়োগৰ আওতালৈ অনা, শীঘ্ৰে দৰমহা আদায়ৰ লগতে পেঞ্চনৰ সুবিধা প্ৰদান কৰাকে আদি কৰি সাতদফীয়া দাবীৰ সমৰ্থনত আজিৰে পৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে।
সমগ্ৰ ৰাজ্যখনত মুঠ ৯৭ খন পৌৰসভাৰ প্ৰায় ৫৮০০ কৰ্মচাৰীয়ে আজিৰে পৰা এই ধৰ্মঘট কাৰ্যসূচীত অংশ লোৱা বুলি জানিব পৰা গৈছে । আনহাতে, পৌৰ কৰ্মচাৰীসকলৰ এনে দীঘলীয়া ধৰ্মঘটৰ কাৰ্যসূচীয়ে নগৰ এলেকাসমূহত একপ্ৰকাৰ বিশৃংখলতাৰ সৃষ্টি কৰাৰো আশংকা কৰা হৈছে।