বিধায়ক ৰূপে শপত লৈয়ে বিধায়ক হিচাপে লাভ কৰা দৰমহাৰ টকা সমষ্টিৰ ৰাইজৰ কামত ব্যৱহাৰ কৰাৰ ঘোষণা কৰিছিল সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে৷ ঘোষণা কৰা অনুযায়ী দৰমহাৰ টকা সমষ্টিৰ ৰাইজক প্ৰদান কৰি আহিছে উজনিৰ বিধায়কগৰাকীয়ে৷ অসুখীয়া লোক, শিক্ষাৰ বাবে দৰিদ্ৰ ঘৰৰ সন্তানক দৰমহাৰ ধন প্ৰদান কৰি এক নতুন ইতিহাস ৰচনা কৰিছে বিধায়কগৰাকীয়ে৷ তাৰ মাজতে আজি এগৰাকী দৰিদ্ৰ ঘৰৰ ৮ বছৰীয়া শিশুৰ চিকিৎসাৰ বাবে দৰমহাৰ ধন প্ৰদান কৰে বিধায়ক ফুকনে৷ নিজ সমষ্টিৰ বৰপথাৰ নগৰৰ এগৰাকী ৮ বছৰীয়া শিশুৰ চকু চিকিৎসাৰ বাবে মাতৃৰ হাতত দৰমহাৰ ১৫ হাজাৰ টকা প্ৰদান কৰে৷