নিউজ ডেস্কঃ দৰঙৰ খাৰুপেটীয়াত কালি দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। নিশা খাৰুপেটীয়াৰ বালুগাঁৱৰ পৰা আটক কৰে শ্বহিদুল ইছলাম আৰু আশিস হুছেইন নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা জব্দ ৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ লগতে এখন পালছাৰ বাইক। জব্দকৃত বাইকখনৰ নম্বৰ AS-13 Q-1730।
উল্লেখ্য যে, নিশা খাৰুপেটীয়াৰ বালুগাঁও বজাৰত ড্ৰাগছ বিক্ৰী কৰি থকাৰ খবৰ পাই স্থানীয় যুৱকে খবৰ দিয়ে আৰক্ষীক, পিছত স্থানীয় যুৱকসকলৰ সহযোগত দুয়োকে আটক কৰে খাৰুপেটীয়া আৰক্ষীয়ে। সম্প্ৰতি দুয়োটাকে জেৰা অব্যাহত ৰাখিছে খাৰুপেটীয়া আৰক্ষীয়ে।