মঙলদৈঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দৰং জিলা তথা পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ উদ্যোগত স্বাধীনতাৰ ৭৫ বছৰ জয়ন্তী, “আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে দৰং জিলাৰ গ্ৰামাঞ্চলত বাস কৰা প্ৰায় এক লাখ চল্লিশ হাজাৰ পৰিয়ালৰ গৃহত ১৩ ৰ পৰা ১৫ আগষ্টৰ ভিতৰত স্বাধীনতা উৎসৱ উদযাপন কৰা ব্যৱস্থা কৰা হৈছে। তদুপলক্ষে প্ৰতিটো পৰিয়ালত এখনকৈ ভাৰতৰ জাতীয় পতাকা যোগান ধৰিবলৈ আত্মসহায়ক গোটৰ মহিলাসকলক জাতীয় পতাকা প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। দৰং জিলা পঞ্চায়ত আৰু গ্ৰাম্যোন্নয়ন বিভাগৰ অন্তৰ্গত(ASRLM) মণ্ডল পৰ্যায়ৰ সংগঠনসমূহে ক্ষীপ্ৰতাৰে জাতীয় পতাকা নিৰ্মাণ কৰি উলিয়ায়।
শনিবাৰে দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত এখনি পতাকা বিপণী কেন্দ্ৰ স্থাপন কৰে। বিপণী কেন্দ্ৰটো উদ্বোধন কৰে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই।