প্ৰবীণ বৰুৱা, মঙলদৈঃ বছৰটোৰ প্ৰথমটো বানত বৃহস্পতিবাৰলৈ দৰং জিলাৰ কেইবাখনো গাঁও প্লাবিত হৈছে। জিলা প্ৰশাসনৰ তথ্য মতে জিলাখনৰ এতিয়ালৈ দলগাঁও, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১৫৩ খন গাঁও বানৰ কৱলত পৰিছে আৰু ৬১,৭৩৬ জন লোক ক্ষতিগ্ৰস্ত হৈছে। উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ১০৩৭৮.৯০ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে। তদুপৰি ১২৪৯৯৪টা পশুধন বানৰ কৱলত পৰিছে৷ মঙলদৈ, দলগাঁও আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনত মুঠ ২৪টা সাহায্য শিৱিৰ ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰিছে। জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ নিৰ্দেশ মৰ্মে বানাক্ৰান্ত লোকসকলক খাদ্য-বস্তুকে ধৰি পশুখাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। তদুপৰি জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বানত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথসমূহ সাময়িক ভাৱে মেৰামতিৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। স্বাস্থ্য বিভাগৰ দ্বাৰা বানাক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে আঠটাকৈ মেডিকেল টিম নিয়োগ কৰা হৈছে।