প্ৰবীণ বৰুৱা, মঙলদৈঃ দৰং জিলা সমাজ কল্যাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত মঙ্গলবাৰে আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন গ্ৰাম পঞ্চায়ত কাৰ্যালয়ত বিশেষ গ্ৰাম সভাৰ আয়োজন কৰা হয়। পুৱ মঙলদৈস্থিত খাটনিয়াপাৰা গ্ৰাম পঞ্চায়তৰ কাৰ্যালয় অনুষ্ঠিত বিশেষ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি দৰং জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰে আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে মহিলাসকলক ওলগ যাচি মহিলাসকলৰ শিক্ষা, সুৰক্ষা, অধিকাৰ আদিৰ ওপৰত বিস্তৃত ভাবে তেওঁৰ বক্তব্য দাঙি ধৰে। মুলা গাভৰু, কনকলতাৰ দৰে বীৰাংগনা অসমীয়া নাৰীসকলক স্মৰণ কৰি কয় যে আজিৰ অসমৰ অসমীয়া নাৰীয়েও সেই বীৰাংগনাসকলক অনুসৰণ কৰিলেহে অসমীয়া জাতি তথা নাৰী সমাজে সঁচা অৰ্থত আগুৱাই যাবলৈ সক্ষম হ’ব।
সভাত উপস্থিত নাৰী শক্তি কেন্দ্ৰৰ মহিলা কল্যাণ বিষয়া মৌচুমী কলিতাই মহিলাসকলে সন্মুখীন হ’বলগীয়া হোৱা বিশেষ সমস্যা যেনে বাল্যবিবাহ, ঘৰুৱা হিংসা আদিৰ বিৰুদ্ধে মহিলাসমাজক মাৰ বান্ধি থিয় হবলৈ আহবান জনায়৷ মহিলাসকলৰ সুবিধাৰ্থে চৰকাৰে হাতত লোৱা পদক্ষেপসমূহৰ সৎ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। মহিলা কল্যাণ বিষয়াগৰাকীয়ে লগতে নাৰীসকলক তেওঁলোকৰ সাংবিধানিক অধিকাৰসমূহৰ বিষয়ে সজাগ হোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি কয় যে নাৰী সকলে ২১শ শতিকাৰ নাৰী যাতে প্ৰত্যেক দিশতে পুৰুষ সকলৰ হৈতে সমানে আগবাঢ়ি যাবলৈ সক্ষম হয়, সেয়া নাৰী সমাজে সুনিশ্চিত কৰিব লাগিব। সভাত উপস্থিত জিলা প্ৰশাসন তথা অন্যান্য বিভাগীয় বিষয়াসকলে বিষয় বিলাকৰ ওপৰত নিজৰ বক্তব্য দাঙি ধৰাৰ উপৰিও উপস্থিত মহিলাসকলক তেওঁলোকৰ মতামত আগবঢ়াবলৈ অনুৰোধ জনোৱাত মহিলাসকলে গ্ৰাম্য অঞ্চল সমূহত মদ-ভাঙ-জুৱা ইত্যাদিৰ কু-প্ৰভাৱৰ ফলত ঘৰুৱা শান্তি বিঘ্নিত হোৱাৰ কথা উল্লেখ কৰি প্ৰশাসনক এনেধৰণৰ অসামাজিক কাৰ্য্যকলাপৰ উপৰত নজৰ দিবলৈ অনুৰোধ জনায়।
সভাত উপৰোক্ত বিষয়াসকলৰ উপৰিও উক্ত গ্ৰাম পঞ্চায়তৰ সভাপতি, সচিব, খাটনিয়াপাৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গোবিন্দ কলিতা, জিলা তথ্য আৰু জনসংযোগ বিষয়া অয়ন হাজৰিকাৰ লগতে পিৰামল ফাউণ্ডেশ্যনৰ বিষয়া সমৰজিৎ দাস উপস্থিত থাকে। ইপিনে খাটনিয়াপাৰাৰ সমান্তৰালকৈ চকৰাবস্তি গ্ৰাম পঞ্চায়ত, ফকিৰপাৰা গ্ৰাম পঞ্চায়ত, উপহুপাৰা গ্ৰাম পঞ্চায়ত, চেঙেলিয়াঝাৰ গ্ৰাম পঞ্চায়ত তথা কলাইগাওঁ চক্ৰ বিষয়াৰ কাৰ্যালয়তো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আন্তৰ্জাতিক মহিলা দিৱস আয়োজন কৰা হয়।