March 29, 2023, 7:26 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দৰং-ওদালগুৰিত অখিলৰ মুক্তিৰ আইনী যুঁজৰ বাবে কৃষক মুক্তিক বৰঙণি প্ৰদান

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 95 Time View

মঙলদৈঃ কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৰা প্ৰতিবাদ সামৰি এইবাৰ আইনী যুঁজ কৰিবলৈ সাজু হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দিল্লী উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট অধিবক্তাৰ দ্বাৰা উচ্চ ন্যায়ালয়ত গোচৰ চলোৱাৰ বাবে সাজু হৈছে৷ ইতিমধ্য কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আইনী প্ৰক্ৰিয়া ব্যয়বহুল হ’ব বুলি অসমৰ ৰাইজক অৱগত কৰি গোচৰ কাৰ্য চলাই নিবৰ বাবে অসমৰ ৰাইজৰ পৰা দান-বৰঙণি বিচাৰিছে৷

এটা বেংক একাউণ্ট নম্বৰ মুকলি কৰি কৃষক মুক্তিয়ে ৰাইজৰ পৰা বৰঙণি বিচৰাৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে অখিল মুক্তিৰ বাবে আইনী প্ৰক্ৰিয়া সমাপন কৰিবলৈ বৰঙণি প্ৰদান কৰি আহিছে৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা অখিল গগৈৰ মুক্তি বাবে আইনী প্ৰক্ৰিয়াত সহায়ৰ বাবে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, দৰং জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অবিভক্ত ওদালগুৰি জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘৰে ঘৰে দান বৰঙণি সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে৷

দৰং জিলাৰ বিভিন্ন গাঁৱত ঘৰে ঘৰে বৰঙণি সংগ্ৰহ কৰাত সকলো লোকে নিজ ইচ্ছাৰে মুক্তহস্তে দান কৰা বুলি কয় কৃষক মুক্তিৰ স্থানীয় সমিতিয়ে৷ সমাজৰ অতি দৰিদ্ৰ লোকেও নিজ সদিচ্ছাৰে সাঁচতীয়া ধন আগবঢ়াই। নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তি আৰু অসমৰ আঞ্চলিক শক্তি সকলো একেলগ হৈ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজি অসমক বচাবলৈ বদ্ধপৰিকৰ বুলি কয় দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে