মন্ত্ৰী ৰণজিৎ দাস আৰু আন আন কেইবাগৰাকী বিধায়কৰ সৈতে চিনেমাহলত কাশ্মীৰি পণ্ডিতৰ পলায়নৰ কাহিনীৰে নিৰ্মাণ কৰা ছবি দ্য কাশ্মীৰ ফাইলছ চালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছবি চোৱাৰ পিছতে কাশ্মীৰি পণ্ডিতৰ গণহত্যা আৰু তেওঁলোকৰ প্ৰস্থান কাহিনী মানৱতাৰ এক কলংক বুলি কয়। দুৰ্দশাৰ হৃদয় বিহ্বল চিত্ৰায়নৰ দ্বাৰা আপ্লুত হোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইটোও স্পষ্ট কৰে যে বিচাৰিব যে অসমত কোনো মনোৰঞ্জন কৰ নাথিকব বুলি কয়৷ কেবিনেট সহকৰ্মী আৰু বিধায়কসকলৰ সৈতে ফিল্মখন চালে মুখ্যমন্ত্ৰীয়ে৷ মন্ত্ৰী-বিধায়কৰ সৈতে PVR, City Centreত চাই মুখ্যমন্ত্ৰীয়ে৷ কাশ্মীৰি পণ্ডিতৰ ওপৰ হোৱা অত্যাচাৰ আৰু পালয়ন বিষয়ক লৈ কৰা ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছে৷ খ্ৰীষ্টানবস্তিৰ চিটি চেণ্টাৰত পি.ভি.আৰ চিনেমা হল নকৈ সাজু কৰা হৈছিল৷ সদৌ অসম চিনেমা হল মালিক সন্থাই চিনেমাখন কৰমুক্ত কৰিবলৈ দাবী জনাইছে। বহু ৰাজ্যত চিনেমাখনৰ আমোদকৰ প্ৰত্যাহাৰ কৰিছে। ৯০ৰ দশকত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা হত্যালীলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা চলচিত্ৰখনত অভিনয় কৰিছে অনুপমখেৰ আৰু মিঠুন চক্ৰৱৰ্তীয়ে অভিনয় কৰিছে৷