জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত অৱস্থিত প্ৰায় তিনিশ বছৰ পুৰণি ইতিহাস প্ৰসিদ্ধ সাৰ্ব্বজনীন গৰখীয়া থানত বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো উদযাপিত হৈছে দৌল উৎসৱ৷ বৃহস্পতিবাৰৰ পৰা ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱটি উদযাপন কৰা হৈছে৷ সেয়ে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমেৰে থান প্ৰাংগণ উদুলি-মুদুলি হৈ পৰাৰ লগতে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে৷ দ্বিতীয় দিনা পুৱাৰ ভাগত মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলনৰ লগতে বৃহত্তৰ অঞ্চলৰ ২৯ টা নামঘৰৰ পৰা জল কলছি আৰু ধৰ্মধ্বজা গৰখীয়া থানলৈ অনা হয়৷ ইয়াৰ পিছতে উৎসৱৰ ধৰ্মধ্বজা উদযাপন সমিতিৰ সভাপতি শুকুৰাম বৰুৱাই আৰু থানৰ ধৰ্মধ্বজা থান পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ নাথে উত্তোলন কৰে৷ লগতে স্মৃতি তৰ্পন কৰে সমাজকৰ্মী পুষ্পেন্দ্ৰ নাথে৷ দুপৰীয়া গোসাঁই স্নান, স্থাপন আৰু ভকতক নিৰ্মালি প্ৰদানৰ অন্তত খোল আৰু নাম প্ৰসংগৰ লগতে আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিবেশনেৰে থান প্ৰাংগণ মুখৰিত কৰি তোলা হয়৷