দৈগ্ৰোংঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ মৰঙি আঞ্চলিক সমিতিয়ে দৈগ্ৰোঙত ৰাভ দিৱস পালন কৰে। দৈগ্ৰোঙবাসী ৰাইজৰ সহযোগত পালন কৰা ৰাভা দিৱসত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰা হয়।
অনুষ্ঠানৰ আঁত ধৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙি আঞ্চলিক সমিতিৰ সভাপতি পিন্টু গগৈয়ে। অনুষ্ঠানত দৈগ্ৰোং নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অনিমা শইকীয়াই, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি দীপক গগৈ, যুটীয়া সম্পাদক দেৱজিৎ গগৈৰ লগতে দৈগ্ৰোঙবাসী ৰাইজ উপস্থিত থাকে।