গোলাঘাটঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় কলেজত আজি ‘কৃষি ব্যৱস্থাৰ জৰিয়তে নিয়োগৰ সম্ভাৱনীয়তা’ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়৷ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক দেৱজিৎ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত বাৰুকিয়ালে৷ গোলাঘাট কৃষি বিভাগৰ সহকাৰী কৃষি বিষয়া কৃষ্ণ বৰাই অসমৰ কৃষি পদ্ধতিৰ বিষয়ে বহলাই আলোকপাত কৰে৷ কৃষি আধুনিকীকৰণ আৰু বিজ্ঞান সন্মত কৃষি পদ্ধতিৰ যোগেদি নিয়োগ সৃষ্টিৰ যি সম্ভাৱনীয়তা তাৰ বিষয়ে উল্লেখ কৰি অসমীয়া মানুহৰ কৃষি আৰু কৃষক সম্পৰ্কে দৃষ্টিভংগী সলনী কৰাৰ সময় সমাগত বুলি উল্লেখ কৰে৷ এপাৰ্টৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই উদ্যানশস্যৰ খেতিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে আত্মনিৰ্ভৰশীল হ’ব পাৰে সেই বিষয়ে বক্তব্য ৰাখে৷ মৌ-পালনৰ পৰা আৰম্ভ কৰি মৎস্য পালন গাহৰি পালন আদি দিশসমূহ ফহিয়াই পৰ্যালোচনা কৰে৷ কৃষি বিশেষজ্ঞ সংঘমিত্ৰা শৰ্মাই বহুকেইজন আদৰ্শ খেতিয়কৰ সফলতাৰ আঁৰৰ কাহিনী উল্লেখ কৰি কঠোৰ প্ৰচেষ্টাৰ যোগেদিহে সফলতা আহৰণ কৰিব পাৰি বুলি কয়৷ জিলা কৃষি তথ্য বিষয়া অনুপম গগৈয়ে কৃষি বিভাগৰ বিভিন্ন আচনিৰ ব্যাখ্যা কৰে৷ আঁচনিসমূহৰ সফল প্ৰয়োগৰ বাবে শিক্ষিত শ্ৰেণী আগবাঢ়ি আহিবলৈ আহবান জনায়৷ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ হেমন্ত শইকীয়াই আতধৰা কৰ্মশালাত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ যদুমণি দাস, এপাৰ্টৰ গৱেষক অভিশেষ সিংহ আদিয়ে অংশগ্ৰহণ কৰে৷