গোলাঘাট: গোলাঘাট দেৱৰাজ ৰয় কলেজত শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দুৰ সংযোগ শিক্ষাৰ দেৱৰাজ ৰয় কলেজ কেন্দ্ৰৰ উদ্যোগত আৰু দেৱৰাজ ৰয় কলেজ মানৱবিদ্যা আৰু সমাজ বিজ্ঞান সমিতিৰ সহযোগত “অসমীয়া গদ্যৰ গতিপথ” শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ দেৱৰাজ ৰয় মহাবিদ্যালয় মানৱবিদ্যা আৰু সমাজ বিজ্ঞান সমিতিৰ সভাপতি দেৱজিৎ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত ভাষন দি দেৱৰাজ ৰয় কলেজৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকিয়ালে চহকী অসমীয়া সাহিত্যৰ বিষয়ে ব্যাখ্যা কৰে ৷ দেৱৰাজ ৰয় কলেজ মানৱবিদ্যা আৰু সমাজ বিজ্ঞান সমিতিৰ সম্পাদক ড° তৰুণ গগৈয়ে আতধৰা উদ্বোধনী অনুষ্ঠানত দেৱৰাজ ৰয় কলেজৰ উপাধ্যক্ষা গায়েত্ৰী শৰ্মা তামোলী জেষ্ঠ অধ্যাপক দোলেন গগৈ, জ্যোতিময়ী ভট্টাচাৰ্য, মৌচুমী বৰুৱা , দেৱেশ্বৰ বৰুৱা আমিয়ে ভাগ লয় ৷ দুটা ভাগত বিভক্ত কাৰিকৰী শাখাত “প্ৰচীন অসমীয়া গদ্যৰ গতিপথ” শীৰ্ষক বিষয়ত শংকৰদেৱৰ লগতে ভট্টদেৱৰ অৱদানৰ বিষয়ে বহল ব্যাখ্যা দাঙি ধৰে ৷ তেও ভট্টদেৱক অসমীয়া সাহিত্যৰ জনক আখ্যা দিয়ে ৷ বক্তৃতা অনুষ্ঠানত আধুনিক অসমীয়া গদ্যৰ গতিপথ শীৰ্ষক বিষয়ত ভাষণ দিয়ে বিশিষ্ট শিক্ষাবিদ জেডিএছজি কলেজৰ অধ্যাপক ড° ৰুবী বৰাই ৷ তেখেতে বৃটিছ শাসনৰ সময়চোৱাত অসমীয়া ভাষালৈ নামি অহা সংকটৰ আৰৰ কাহিনী ব্যাখ্যা কৰে আৰু আধুনিক অসমীয়া ভাষা সাহিত্যলৈ মিচনেৰী সকলে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে ৷
অৰুণোদয়ৰ পৰা সাম্প্ৰতিক সময়লৈকে আলোচনী সমূহৰ গদ্যৰ শৈলী সম্পৰ্কে কয় ৷ আনন্দৰাম ঢ়েকিয়াল ফুকন, গুনাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা, আদিৰ গদ্যত দেশপ্ৰম আৰু জাতীয়তাবাদৰ চিন্তা চৰ্চাৰ প্ৰেক্ষাপটত সাম্প্ৰতিক সময়ত তাৰ গুৰুত্ব অপৰিসীম ৷ জোনাকীৰ পৰা ৰামধেনু হৈ চলিত সময়লৈকে অসমীয়া গদা সাহিত্যৰ গতিপথ কেনেদৰে আগবাঢ়িছে সেই বিষয়ে আলোকপাত কৰি জোনাকী যুগ অসমীয়া সাহিত্যৰ উজ্জ্বল যুগ আখ্যা দিয়ে ৷