দেৰগাঁওঃ বিগত ১৫ দিন ধৰি দেৰগাঁও আৰু খুমটাই বিধানসভা সমষ্টিৰ প্ৰায় ডেৰ কুৰি গাঁও বানৰ কৱলত পৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে
প্লাৱিত কৰি ৰাখ গাঁওসমূহৰ লোকে বিপদৰ মাজেৰে দিন পাৰ কৰিছে৷ খাদ্যৰ অভাৱত পৰা লোকসকলে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
তাৰ মাজতে দুয়োটা সমষ্টিৰ বানাক্ৰান্তৰ খবৰ লয় কংগ্ৰেছৰ এটা দলে। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ বানত শ শ বিঘা কৃষি বিনষ্ট হৈ, ঘৰ-বাৰী এৰি পথৰ দাতিত আশ্ৰয় গ্ৰহণ কৰি থকা স্থানসমূহত কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰক্তন বিধায়িকা বিস্মিতা গগৈ, আৰতী হাজৰিকা কছাৰী, বিধায়িকা ৰৌজলিনা তিৰ্কীই বানাক্ৰান্ত আঞ্চলসমূহ পৰিদৰ্শন কৰে৷
শিবিৰত থকা লোকসকলৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে দলটোৱে। কংগ্ৰেছ দলৰ চৰকাৰ ক্ষমতাত আহিলে অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উল্লেখ্য যে, নদীৰ বুকুত কৃষকৰ শ শ বিঘা কৃষি ভূমি জাহ যোৱাৰ লগতে কৃষকৰ বিস্তৰ ক্ষতি সাধন হৈছে।