ডিজিটেল ডেস্কঃ ১৯৪৭ চনত দেশ বিভাজন হৈ পাকিস্তানৰ জন্ম হৈছিল। এই বিভাজনত সম্পত্তিৰো ভাগ বতৰা হৈছিল৷ সম্পত্তিৰ ভাগ বতৰা কৰাৰ সময়ত দুয়োখন দেশে এখন বিশেষ বাহন বিচাৰিছিল৷ ভাৰত, পাকিস্তান দুয়োখন দেশে লাভ কৰিব বিচৰা বিশেষ বাহনখন হৈছে এখন বাগী৷ কাৰণ এই বাহনখনৰ বিশেষত্ব এয়ে যে, বাগীখন সোণেৰে নিৰ্মাণ কৰাৰ উপৰিও ইংৰাজৰ শাসন কালৰে পৰা থকা সম্ভ্ৰান্ত তথা ৰাজকীয়তাৰ এক প্ৰতীক আছিল। সেইয়েহে সম্পত্তিৰ ভাগ বতৰাৰ সময়ত দুয়ো খন দেশে বিচাৰিছিল বাহন খন।
দুয়োখন দেশে একেই বিধ সম্পদ বিচৰাৰ বাবে ইয়াৰ সমাধান সূত্ৰ হিচাবে দুয়োখন দেশে ক্ৰিকেটৰ দৰে টচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ টচত জয়ী দেশখনেই গৰাকী হ’ব পাৰিব সোণেৰে নিৰ্মিত বাগীখনৰ৷ টচত ভাৰতৰ ফালৰ পৰা লেফ্টেনেণ্ট কৰ্ণেল ঠাকুৰ গোবিন্দ সিং আৰু পাকিস্তানৰ তৰফৰ পৰা পাকিস্তান আৰ্মীৰ ছাহাবযাদা য়াকুব খানে অংশ ল’লে৷ এই টছত জয়ী হ’য় ভাৰতে লাভ কৰিলে এই বাগীখন৷ ইয়াৰ পিছত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ পৰা সকলো ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰিছিল যদিও ১৯৮৪ চনৰ পিছৰ পৰা বাহন খন ব্যৱহাৰ হোৱা নাছিল৷
পৰৱৰ্তী সময়ত ২০০২ চনত মাজে সময়ে এপিজে আব্দুল কালামে ব্যৱহাৰ কৰিছিল যদিও ২০১৪ চনৰ পৰা পুনৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল ৰাষ্ট্ৰপতি প্ৰণৱ মুৰ্খাজীয়ে। বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও ব্যৱহাৰ কৰে এইখন বাহন। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত বিশেষ অনুষ্ঠান সমূহত ব্যৱহাৰ কৰে এই বিশেষ বাগী খন।