নতুন দিল্লীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি ৭০ সংখ্যক জন্মদিন। এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াযোগে শুভেচ্ছা জনাইছে অনুৰাগীসকলে। পুৱাই নমোক ওপজা দিনৰ ওলগ জনাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। মোদীক শুভেচ্ছা জ্ঞাপন কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
বিদেশ মন্ত্ৰী এছ জয়শংকৰে মোদীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি লিখিছে, ‘প্ৰধানমন্ত্ৰীৰ ৭০ সংখ্যক জন্মদিন পালনত সমগ্ৰ দেশেই যোগ দিয়ক। তেওঁৰ নেতৃত্বত বিশ্বমঞ্চত আজি ভাৰতে সগৌৰৱেৰে উজলি উঠিছে। আমি তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো যাতে আৰু বহু বছৰ তেওঁ দেশৰ সেৱা কৰি যাব পাৰে।’
গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেক প্ৰধানমন্ত্ৰীক পুৱাই জনাইছে শুভেচ্ছা। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰায় প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক আৰু নেতাই মোদীক জনাইছে ওপজা দিনৰ ওলগ।
ভাৰতৰ লগতে বিদেশৰ নেতাসকলেও মোদীক শুভেচ্ছা জ্ঞাপন কৰিছে। জন্মদিন উপলক্ষে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে প্ৰেৰণ কৰিছে বিশেষ শুভেচ্ছা বাৰ্তা।