March 26, 2023, 12:42 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি

Reporter Name
  • Update Time : Sunday, February 5, 2023
  • 17 Time View

ডিজিটেল ডেস্কঃ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত স্থান লাভ কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে৷ সুগন্ধি ব্যৱসায়েৰে জড়িত আজমলৰ সম্পত্তিৰ পৰিমাণ কিমান সেয়া অস্পষ্ট যদিও দেশৰ ১০ জন ধনী সাংসদৰ ভিতৰত এজন হৈছে আজমল৷ মাত্ৰ ১০ বছৰৰ ভিতৰত সৰ্বাধিক সম্পত্তি বৃদ্ধি পোৱা দেশৰ শীৰ্ষ ১০জন চহকী সাংসদৰ তালিকাত স্থান লাভ আজমলৰ৷ সাংসদ বদৰুদ্দিন আজমলৰ ১০ বছৰৰ ব্যৱধানত ১৬০ শতাংশ পৰ্যন্ত সম্পত্তি বৃদ্ধি পাইছে৷ এই তথ্য প্ৰকাশ কৰিছে এছ’চিয়েশ্বন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এডিআৰ নামৰ সংস্থাটোৰ সমীক্ষাত৷ এডিআৰে প্ৰকাশ কৰা প্ৰতিবেদনত তিনিবাৰ একেৰাহে জয়ী হোৱা দেশৰ শীৰ্ষ ১০ ধনী সাংসদৰ তালিকাত ৮ নম্বৰত আছে অসমৰ সাংসদ বদৰুদ্দিন আজমল৷ ২০০৯ চনত জয় লাভ কৰাৰ সময়ত সাংসদ আজমলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ৩০.৩৫ কোটি টকা৷ কিন্তু ২০১৯ চনত এআইউডিএফ দলৰ মুৰব্বীজনৰ সম্পত্তিৰ পৰিমাণ ৭৮.৮০ কোটি টকালৈ বৃদ্ধি পায়৷ উক্ত ১০ বছৰত আজমলৰ মুঠ সম্পত্তি বৃদ্ধিৰ পৰিমাণ হৈছে ৪৮.৪৫ কোটি টকা৷ উল্লেখ্য যে এডিআৰে ২০০৯ চনৰ পৰা ২০১৯ চনলৈ একেৰাহে তিনিবাৰকৈ লোকসভাৰ সাংসদ হিচাপে জয় লাভ কৰা দেশৰ ৭১জন সাংসদৰ সম্পত্তিৰ তথ্য প্ৰকাশ কৰিছে৷ মাত্ৰ তিনিটা কাৰ্যকালত অৰ্থাৎ ১০ বছৰৰ ব্যৱধানত ৭১জন সাংসদৰ সম্পত্তি গড়ে ২৮৬ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ ৷ এডিআৰৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ৭১জন পুনৰ নিৰ্বাচিত সাংসদৰ ২০০৯ চনত গড় সম্পত্তি আছিল ৬.১৫ কোটি টকা৷ ২০১৯ত নিৰ্বাচিত হোৱাৰ পাছত এই ৭১জন সাংসদৰ গড় সম্পত্তি ২৩.৭৫ কোটি টকা লৈ বৃদ্ধি পায়৷ এইসকল সাংসদৰ শীৰ্ষত আছে বিজেপিৰ ছয়জন সাংসদ৷ এন চি পি, শিৰোমণি আকালি দল, বিজেডি আৰু এ আই ইউ ডি এফৰ পৰা এজনকৈ সাংসদ শীৰ্ষ দহৰ ভিতৰত আছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে