ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত দ্ৰুত গতিত বৃদ্ধি হ’ব ধৰিছে ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা৷ কেন্দ্ৰীয় চৰকাৰে লক-ডাউন শিথিল কৰাৰ পিছতে দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমিত লোকৰ সংখ্যা। দেশত লক-ডাউন অব্যাহত আছে যদিও নীতি সমূহ শিথিল কৰা হৈছে। এই পৰ্যন্ত ভাৰতত ২ লাখ ৩৬ হাজাৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷
বিগত ২৪ ঘণ্টাত ভাৰতত ৯৮৮৭গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে। ২৪ ঘণ্টাত ২৯৪গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। দেশত এই পৰ্যন্ত কোৰোনাত আক্ৰান্ত হৈ ৬৬৪৯গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ১ লাখ ১৪ হাজাৰ লোক সুস্থ হৈ চিকিৎসালয় এৰিছে৷
কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত লক-ডাউন শিথিল কৰাৰ পিছতে ক্ৰমান্বয়ে বৃদ্ধি হৈছে ক’ৰোনা ৰোগীৰ সংখ্যা৷ দেশত ৰোগীৰ সংখ্যা ২ লাখ ৩৬ হাজাৰৰ সীমা অতিক্ৰম কৰাৰ সময়তে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোনাই৷
অসমত মুঠ ৰোগীৰ সংখ্যা হৈ পৰিছে ২২৪১গৰাকী৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটাৰ পিছত এটা টুইট কৰি ৰাজ্যত নতুনকৈ ক’ৰোনা পজিটিভ পোৱাৰ কথা উল্লেখ কৰি আহিছে৷
ৰাজ্যত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ২২৪১ হোৱাৰ লগতে ইতিমধ্যে সুস্থ হৈ ৫০৯গৰাকী লোক ঘৰলৈ গৈছে৷ ১৭২৭গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৪গৰাকী লোকৰ মৃত্যু হৈছে৷