ডিজিটেল ডেস্কঃ চুফীবাবাক হত্যা। আফগানিস্তানৰ ইছলাম ধৰ্মীয় নেতা খাৱাজা চৈয়দক মহাৰাষ্ট্ৰৰ নাছিকত গুলিয়াই হত্যা কৰাৰ ঘটনাই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। খাৱাজা চৈয়দ নামৰ ইছলাম ধৰ্মৰ নেতা জন চুফী বাবা বুলি জনপ্ৰিয় আছিল। মুম্বাইৰ পৰা ২০০ কিলোমিটাৰ দূৰৰ নাচিকত এখন SUV গাড়ীত অহা দুষ্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰে। আৰক্ষীয়ে চুফী বাবৰ গাড়ী চালকজনক এই হত্যাকাণ্ডত জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। চুফী বাবই নাছিকৰ য়ুুউলা টাউনত কেইবাবছৰ ধৰি বাস কৰি আহিছিল৷ আৰু ভূমি লেনদেন সম্পৰ্কীয় বিবাদত তেখেতক হত্যাৰ সন্দেহ কৰা হৈছে।