ডিজিটেল ডেস্কঃ শ্বেয়াৰ মাৰ্কেটত অভাৱনীয় খহনীয়াৰ পিছত আদানি গ্ৰুপে নিজৰ সম্পত্তি সুৰক্ষাৰ বাবে বিভিন্ন কৌশল আৰম্ভ কৰিছে৷ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা ঋণ আগতীয়াকৈ ঘূৰাই দি নিজৰ শ্বেয়াৰসমূহ পুনৰ বজাৰত এৰি দিয়াৰ কৌশল অব্যাহত ৰাখিছে আদানি গ্ৰুপে৷ দেউলীয়া হ’লেও আদানিৰ ব্যক্তিগত সম্পত্তি এজন ধনী ভাৰতীয়তকৈ কোনো গুণে কম নহয়৷ দিল্লীৰ লুটিয়েন্সত ২০২০ চনত আদানিয়ে কিনিছিল ৪০০ কোটি ব্যয় সাপেক্ষে এটি ৰাজপ্ৰাসাদ৷ ৩.৪ একৰ মাটিত সেই প্ৰাসাদসম আট্টালিকা৷ হিণ্ডেনবাৰ্গ ৰিছাৰ্চে আাদনিৰ ব্যক্তিগত সম্পত্তিৰ তথ্য থকা বেমেজালিৰ কথাও প্ৰকাশ কৰিছিল৷ বিগত ২৪ জানুৱাৰীত প্ৰকাশিত সেই প্ৰতিবেদনৰ পিছতেই আাদনিৰ ৫০ শতাংশ সম্পত্তি নোহোৱা হৈ গৈছিল৷ আহমেদাবাত আদানি নিজে থকা অট্টালিকাটো বিশ্বৰ ভিতৰতে বিলাসবহুল৷ এই অট্টালিকাতে আাদনিৰ পত্নী প্ৰীতি আাদনি আৰু পুত্ৰ কৰ্ণ আৰু জিৎ আাদনিৰ লগতে বোৱাৰীয়েকসকলৰ লগত গৌতম আদানি নিজে থাকে৷ আদানিৰ ব্যক্তিগত জেট বিমানৰ সংখ্যাও প্ৰায় ১০খন৷ হেলিকপ্তাৰ আছে প্ৰায় ৩খন৷ আদানিয়ে নিজেই আগাষ্টা ১৩৯ হেলিকপ্তাৰ ঘূৰিবলৈ ভাল পায় আৰু প্ৰতি ঘণ্টাত দুটা ইঞ্জিন চালিত আগাষ্টা ৩১০ কি:মি: গতিত চলিব পাৰে৷ এই আগাষ্টা ১৩৯ত একেলগে ১৫ জন যাত্ৰী বহিব পাৰে৷ ইয়াৰ উপৰি ফেৰাৰী, বিএমডব্লিউ আদি অনেক গাড়ী আছে গৌতম আদানিৰ৷ আদানি এণ্টাৰপ্ৰাইছ ১৭খন জাহাজৰ মালিক৷