প্ৰবীণ বৰুৱা, মঙলদৈঃ অসম সাহিত্য সভাই প্ৰতিটো প্ৰহিলা বহাগত নিজৰ দিন পালন কৰি আহিছে। এই বেলিও দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ স্বীকৃতি প্ৰাপ্ত ৭০খন শাখা সাহিত্য সভাই প্ৰহিলা বহাগৰ এই নিজৰ দিন পালন কৰে। জিলাখনৰ প্ৰায় দুই শতাধিক ৭০বছৰৰ উৰ্ধৰ সমাজ জীৱনত সাহিত্য, সংস্কৃতিক, সামাজিক দিশত আগবঢ়োৱা সেৱাৰ বাবে অসম সাহিত্য সভাৰ প্ৰমাণ পত্ৰ, গ্ৰন্থ, গছৰ পুলি, ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ জিলাখনৰ আন আন শাখা সাহিত্য সভাৰ দৰে দেওমৰনৈ সাহিত্য সভাই দেওমৰনৈ অঞ্চলৰ তিনিখন গাঁৱৰ বিশেষ তিনিগৰাকী বিশিষ্ট ব্যক্তিক শুকুৰবাৰে অসমীয়া নতুন বছৰৰ পহিলা দিনটোত নিজ নিজ বাসগৃহত গৈ সাহিত্য সভাৰ তৰফৰপৰা অসমীয়া নৱবৰ্ষৰ ওলগ যাচে। বাঘৰবাৰী গাঁৱৰ ব্যাসৰ ওজা তথা সমাজকৰ্মী ঘনশ্যাম বৰুৱা, পাতিদৰং নিবাসী তথা বিশিষ্ট সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী কান্তিৰাম শইকীয়া আৰু দেওমৰনৈ অঞ্চলৰ বড়িগাঁৱৰ অৱসৰপ্ৰাপ্ত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু বিশিষ্ট সমাজকৰ্মী ভুমিধৰ শৰ্মাক নিজ বাসগৃহত গৈ বিহুৰ ওলগ জনাই গছপুলি, গ্ৰন্থ, ফুলৰ থোপা, আৰু অসম সাহিত্য সভাৰ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অসম সাহিত্য সভাৰ নিজৰ দিন জিলাখনৰ শাখা সাহিত্য সভাই সুকলমে পালন কৰাৰ বাবে দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে প্ৰতিটো শাখা সাহিত্য সভাৰ সভাপতি সম্পাদকৰ লগতে বিষয়-ববীয়াক আন্তৰিক ধন্যবাদ জনায়৷