গুৱাহাটীঃ ৰাজ্যত দেওবাৰে ধৰা পৰিছে ১২৯২গৰাকী কোভিড ৰোগী৷ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নিশা টুইট কৰি জাৰি কৰা তথ্য মতে ইয়াৰে ভিতৰত কামৰূপ মহানগৰৰ ৪২২, যোৰহাটৰ ১৩৪ আৰু লখিমপুৰৰ ১০৭গৰাকী ৰোগী আছে৷ ৰাজ্যত কোভিড ৰোগীৰ সংখ্যা ১ লাখ ৪২ হাজাৰলৈ বৃদ্ধি পোৱাৰ লগতে ১ লাখ ১০ হাজাৰ লোক এই পৰ্যন্ত সুস্থ হৈছে৷ ৩০ হাজাৰ সংক্ৰমিত লোক বৰ্তমানেও চিকিৎসাধীন হৈ থকাৰ লগতে ৪৬৯গৰাকী লোকে ৰাজ্যত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে৷