গুৱাহাটীঃ ৰাজ্যত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে মৃত্যুৰ সংখ্যাও ক্ৰমে বৃদ্ধি হৈছে৷ এতিয়া এটা দিনত কমেও ৬-৭গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে৷ সংক্ৰমণ বৃদ্ধিৰ লগতে মৃত্যুৰ হাৰ বৃদ্ধি পোৱাত ৰাজ্যখনৰ নাগৰিকক চিন্তিত কৰিছে৷
ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৎপৰ হৈ ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি গৈছে৷ কিন্তু ৰাজ্যৰ কেইখন মান জিলাত ক’ৰোনাৰ সংক্ৰমণ ৰোধ হোৱাা নাই৷ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া গুৱাহাটী, বৰাক উপত্যকাত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধিৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে৷ স্বাস্থ্য বিভাগৰ তথ্য মতে, যোৱা ২৪ ঘণ্টাত পুনৰ ৭গৰাকী কোভিড-১৯ ৰোগীৰ দুৰ্ভাগ্যজনকভাৱে বিয়োগ ঘটিছে৷
গোলাঘাটৰ বিদ্যাদীপ ভূঞা (৪৮)
কামৰূপ মহানগৰৰ কিৰণ বৰা (৫০)
কামৰূপ মহানগৰৰ নিপজ্যোতি বৰুৱা (৪৮)
চিৰাঙৰ চোহৰাবুদ্দিন আহমেদ (৭০)
চিৰাঙৰ ৰমিলা সূত্ৰধৰ (৪৫)
চিৰাঙৰ শচীন চন্দ্ৰ ব্ৰহ্ম (৫৮)
কাছাৰৰ ভাস্কৰ বিজয় গুপ্তা (৫০)
আটাইকেইগৰাকী লোকে ক’ৰোনাত আক্ৰান্ত হৈ দেওবাৰৰ দিনটোত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়৷