গুৱাহাটীঃ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অহা দেওবাৰে বাঘজানৰ ঘটনাস্থলী পৰিদৰ্শন কৰিব। অইল ইণ্ডিয়া লিমিটেডৰ বাগজানস্থিত ৫ নং খাদটোত কেনেকৈ তেল নিৰ্গত হ’বলৈ পালে আৰু পৰৱৰ্তী সময়ত বিস্ফোৰণ কাৰ হেমাহিত সংঘটিত হ’ল সেই বিষয়ে ইতিমধ্যে এক তদন্ত কমিটি গঠন কৰা হৈছে যদিও কেন্দ্ৰীয় মন্ত্ৰীজনে কাইলৈ নিজে ঘটনাস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰিব।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগত তিনিচুকীয়ালৈ যাব। ইতিমধ্যে কৃষিমন্ত্ৰী অতুল বৰাক ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ৰাইজৰ লগত আলাপ-আলোচনা কৰি উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছিল। বাঘজান গাঁৱত শতাধিক লোক গৃহহীন হৈ পৰাৰ পিছত আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে আৰু বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰাৰ পিছতহে অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক খাদ্য-সামগ্ৰী যোগান ধৰিছে।
ইতিমধ্যে এককালীন ৩০ হাজাৰ টকাকৈ প্ৰতিটো পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে। অৱশ্যে টাই আহোম ছাত্ৰ সন্থাকে ধৰি উজনি অসমত সক্ৰিয় হৈ থকা বিভিন্ন যুৱ-ছাত্ৰ সংগঠনে ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে জৈৱ বৈচিত্ৰ্য বিনষ্ট কৰা অইল কৰ্তৃপক্ষক পুনৰ এনে ঘটনা যাতে হ’ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈ সকীয়নি প্ৰদান কৰে।
ইফালে, মুখ্যমন্ত্ৰীয়ে আজি ‘বেহাৰবাৰী আউট পোষ্ট’ নামৰ এটা ব্যক্তিগত মনোৰঞ্জনমূলক চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিকৰ একাংশ কলা-কুশলীৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ অন্যান্য কলা-কুশলীয়েও শীঘ্ৰে মুখ্যমন্ত্ৰীৰ লগত মত-বিনিময়ৰ সুবিধা পাব বুলি আশা প্ৰকাশ কৰিছে আৰু যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিছে।