ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহে চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ বিশেষ প্ৰয়াস কৰি আহিছে যদিও নিতৌ দেশত চাইবাৰ অপৰাধ সংঘটিত হ’ব ধৰিছে৷ তাৰ মাজতে অসমত সংঘটিত হৈছে ভয়াবহ চাইবাৰ অপৰাধ কাণ্ড৷ উজনি অসমৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়ত চাইবাৰ অপৰাধীয়ে আক্ৰমণ চলাইছে। মঙলবাৰে নিশা চাইবাৰ আক্ৰমণৰ বলি হয় অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়। ফলস্বৰূপে সোমবাৰৰ পৰা অইলৰ সকলো কম্পিউটাৰ আৰু আই.টি শাখাৰ কাম বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰিছে৷
অইলৰ মুখপাত্ৰ ত্ৰিদিপ হাজৰিকাই সোমবাৰৰ পৰা আই.টি প্ৰণালীৰ সমূহ কাম বন্ধ কৰি সমস্যাৰ সমাধান কৰাৰ চেষ্টা চলাই থকা হৈছে বুলি কয়। বিদেশৰ বিশেষজ্ঞ পৰামৰ্শ অনসৰি শীঘ্ৰে হেকাৰৰ পাৰ মুক্ত কৰা হ’ব বুলি দাবী কৰিছে হাজৰিকাই। সোমবাৰে অইলৰ ৩/৪ টা কম্পিউটাৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছতে ৱেবছাইটে কাম নকৰা হয়৷ অইল কৰ্তৃপক্ষই এলএনএন সংযোগৰ পৰা সকলো কম্পিউটাৰ সংযোগ প্ৰাণলী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হোৱাত মুখ্য কাৰ্যালয়ৰ কম্পিউটাৰত ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা হৈছে৷ যাৰ বাবে বেৱছাইটসমূহৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাই৷