দুধনৈঃ ক’ৰোনাৰ পৰা জীৱন ৰক্ষা কৰিবলৈ নিজ ঘৰখনক সুৰক্ষিত ঠাই হিচাপে গণ্য কৰি মানুহে ঘৰতে আৱদ্ধ হৈ পৰাৰ সময়তে নামনি অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত পুত্ৰ-পত্নীৰ হাতত প্ৰাণ গ’ল এগৰাকী লোকৰ৷ পুত্ৰ আৰু পত্নীয়ে লগলাগি হত্যা কৰে দুধনৈৰ টোপলাখোৱা গাঁৱৰ দিনেশ ৰাভাক৷ পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷
দিনেশ ৰাভাই পত্নী আৰু পুত্ৰৰ সৈতে প্ৰায়ে কাজিয়াত লিপ্ত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে৷ অইন দিনাৰ দৰে মঙলবাৰেও পত্নী-পুত্ৰৰ বিপৰীতে কাজিয়াত লিপ্ত হয় দিনেশ ৰাভা৷ কাজিয়া লাগি থকাৰ সময়তে খঙত অগ্নিশৰ্মা হৈ পত্নী আৰু পুত্ৰই চোকা অস্ত্ৰৰে হত্যা কৰে দিনেশ ৰাভাক। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে৷ হত্যাকাণ্ড জড়িত পত্নী অৰ্চনা ৰাভা আৰু পুত্ৰ মনোমোহন ৰাভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷