দুধনৈঃ গোৱালপাৰা জিলাৰ দুধনৈৰ ক্ৰীড়া প্ৰেমীৰ বহুদিনীয়া আশা বাস্তৱায়িত হোৱাৰ দিশত। দুধনৈৰ দামৰাত ক্ষীপ্ৰ গতিত চলি আছে পূৰ্ণ পৰ্যায়ৰ গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ কাম। অসম চৰকাৰৰ ‘চিগনেচাৰ প্ৰজেক্টৰ’ অধীনত ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য চলি থকা ষ্টেডিয়ামত ফুটবল, এথলেট, চুইমিং পুলসহ বহু ইভেণ্টৰ সুবিধা থাকিব। আনকি ষ্টেডিয়ামত খেলুৱৈসকলে দিবা-নৈশ খেলৰ বাবে ফ্লাড লাইটৰ ব্যৱস্থা থাকিব৷ ষ্টেডিয়ামখন এক বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি জানিব পৰা গৈছে।
প্ৰায় ৫৫ বিঘা ভূমিত নিৰ্মাণ কাৰ্য চলি থকা ষ্টেডিয়ামখনৰ চাৰিওফালৰ সীমাৰ দেৱাল নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। তিনিটা দুই মহলীয়া গেলেৰীৰ কাম পূৰ্ণ গতিত চলি আছে। পূৰ্ণ পৰ্যায়ৰ গ্ৰাম্য ষ্টেডিয়ামখন এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় বিধায়ক দীপক কুমাৰ ৰাভাই। উল্লেখ্যে যে, দুধনৈৰ বিধায়ক দীপক কুমাৰ ৰাভাই নিজেই এগৰাকী সুদক্ষ খেলুৱৈ হিচাপে গোৱালপাৰাত খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পৰা পোৱা “চিগনেচাৰ প্ৰজেক্টৰ” ধনেৰে গোৱালপাৰাত প্ৰথমবাৰৰ বাবে পূৰ্ণ পৰ্যায়ৰ “গ্ৰাম্য ষ্টেডিয়াম” নিৰ্মাণৰ ব্যৱস্থা কৰে৷