দুধনৈঃ উন্নয়নৰ ধাৰা অব্যাহত ৰাখি একেদিনাই ছয়টাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই। এছঅ’পিডি আঁচনিৰ অধীনত ১৬,২৭,২২৭.০০ টকা ব্যয়ৰে ধূপধৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হেকৰা সংযোগী পথ উন্নীতকৰণ কামৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বিধায়ক পুঁজিৰ পাঁচ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি উলিওৱা হাদীপাৰা যুৱক সংঘৰ এটি সমুহীয়া ভৱন উদ্বোধন কৰাৰ বিপৰীতে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা কাহিবাৰী উন্নয়ন সমিতিৰ এটি সমূহীয়া ভৱন উদ্বোধন কৰে বিধায়ক ৰাভাই।
আনহাতে বিধায়ক পুঁজিৰ পাঁচ লাখ টকা ব্যয় সাপেক্ষ উত্তৰ ৰংজুলি ৰাভা শাখা সমাজৰ এটি সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দৰংগিৰি-কামাৰপাৰাত এছঅ’পিডি আঁচনিৰ ১৪,৯২,০০০.০০ লাখ টকা ব্যয় সাপেক্ষ এটি পকী পথ আৰু দামৰাৰ অসম-মেঘালয় সীমান্তৰ কোৰঞ্চাকোনাত ৫১,৫৬,০০০.০০ টকা ব্যয় সাপেক্ষ এটি পকী পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দীপক কুমাৰ ৰাভাই। বিধায়কগৰাকী এনে উন্নয়নমূলক পদক্ষেপক ধন্যাবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজে দীৰ্ঘদিনীয়া সমস্যা পূৰ্ণ হল বুলি ব্যক্ত কৰে৷