বেবেজীয়াঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ এলেকাৰ উদমাৰীত আজি পুৱা এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয়৷ মৃতদেহটো পূৱ উদমাৰীৰ ইক্ৰামূল হুছেইনৰ (৩৪) বুলি চিনাক্ত হৈছে৷ জানিব পৰা মতে, যোৱা ১৯ ছেপ্তেম্বৰৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল যুৱকজন৷ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি যুৱকজনৰ কোনো শুং-সূত্ৰ উলিয়াব পৰা নাছিল ৷ কিন্তু আজি ঘৰৰ কিছু নিলগৰ সোণাই নৈত ওপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে নিৰুদ্দিষ্ট যুৱকজনৰ মৃতদেহ।
লগে লগে অঞ্চলজুৰি হুৱাদুৱা লাগে৷ জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ দুদিন ধৰি সন্ধানহীন হৈ থকা যুৱকজনৰ মৃতদেহ ননৈত উদ্ধাৰ হোৱা ঘটনাক লৈ স্থানীয় অঞ্চলজুৰি ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে৷
যুৱকজনৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিৎ শাস্তিৰ বাবে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে৷ অৱশ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত আৰক্ষীৰ সঠিক তদন্তৰ দ্বাৰাহে প্ৰকৃত সত্য পোহৰলৈ আহিব৷ সৰবৰহী যুৱকজনৰ অকাল মৃত্যুত স্থানীয় অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে৷